ক'ৰ'নাঃ আজিৰ পৰা গুৱাহাটীত দোকান-পোহাৰ, কাৰ্যালয়তো দ্ৰুত পৰীক্ষণ

নিতৌ পুৱা ৯-৩০ ৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ এই ৰেপিড টেষ্টিং চলিব।
ক'ৰ'নাঃ আজিৰ পৰা গুৱাহাটীত দোকান-পোহাৰ, কাৰ্যালয়তো দ্ৰুত পৰীক্ষণ

ক'ৰ'না আক্ৰান্ত চিনাক্তকৰণৰ উদ্দেশ্যে আজিৰ পৰা গুৱাহাটীত দোকানে-পোহাৰে চলিব দ্ৰুত পৰীক্ষণ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট কৰ্মচাৰী গৈ মহানগৰীৰ বিভিন্ন দোকান—পোহাৰ আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, উদ্যোগ-প্ৰতিষ্ঠান আদিত ৰেপিড টেষ্টিং কৰিব। নিৰ্দিষ্ট তথা পৰীক্ষা কৰাৰ এদিন পূৰ্বে এই বিষয়ে সংশ্লিষ্ট পক্ষক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অৱগত কৰা হ'ব। এই সম্পৰ্কত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিতৌ পুৱা ৯-৩০ ৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ এই ৰেপিড টেষ্টিং চলিব। ১-৩০ বজাৰ পৰা দোকান-পোহাৰ, কাৰ্যালয় আদিলৈ যাব স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। এই পৰীক্ষণৰ কাম পৰীক্ষাগাৰ টেকনিচিয়ানে সম্পন্ন কৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com