ক'ৰ'না পৰীক্ষা বাধ্যতামূলক হ'ল বিধানসভাৰ কৰ্মচাৰীৰ বাবে

অহা ৩১ আগষ্টৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হব।
ক'ৰ'না পৰীক্ষা বাধ্যতামূলক হ'ল বিধানসভাৰ কৰ্মচাৰীৰ বাবে
Published on

ক'ৰ'না নমুনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে অসম বিধানসভাৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবে।ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিধানসবাৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত ক'ৰ'না পৰীক্ষা বাধ্যতামূলক কৰি চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হব।

ইয়াৰ প্ৰাকক্ষণত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ক'ৰ'না পজিটিভ হয়। এক চৰকাৰী জাননীত কোৱা হয় যে অহা ২৮ আৰু ২৯ আগষ্টত বিধানসভাৰ জি এন বি ভৱনত পুৱা ১১ বজাৰ পৰা ক'ৰ'না নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। আনহাতে, বিধানসভাৰ অধিৱেশনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলকো নমুনা পৰীক্ষা কৰিবলৈ কোৱা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com