এঘণ্টাৰ ভিতৰতে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ ফলাফলঃশীঘ্ৰে গুৱাহাটীত নতুন পদ্ধতি

এঘণ্টাৰ ভিতৰতে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ ফলাফলঃশীঘ্ৰে গুৱাহাটীত নতুন পদ্ধতি

Published on

ক'ৰ'নাৰ নমুনা পৰীক্ষা সম্পন্ন কৰাৰ মাথোঁ এঘণ্টাৰ ভিতৰতে ফলাফল প্ৰকাশ কৰিব পৰা এক নতুন পৰীক্ষা পদ্ধতি শীঘ্ৰেই গুৱাহাটীত উপলব্ধ হ'বয বুধবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই নতুন পৰীক্ষা পদ্ধতিৰ নাম ক'ৱিড-১৯ এ জি টেষ্ট। এই পদ্ধতিৰ পৰীক্ষাত নমুনা পৰীক্ষাৰ এঘণ্টাৰ পাছতে ফলাফল প্ৰকাশ কৰিব পৰা যাব বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয়, " কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অলপতে ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ(আই চি এম আৰ)-ৰ সঞ্চালক প্ৰধানল সৈতে হোৱা এক ভিডিঅ' কনফাৰেন্সত অসমত ক'ৰ'নাৰ নমুনা পৰীক্ষা সংখ্যা বৃদ্ধি কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে। গুৱাহাটীত ইয়াৰ সংখ্যা নিতৌ ১০ হেজাৰ কৰিবলৈ গৃহমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে। কাৰণ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে"।কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত আই চি এম আৰৰ সঞ্চালক প্ৰধানে অসমৰ স্বাস্থ্য বিভাগৰ প্ৰদান সচিবক ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ নতুন পৰীক্ষা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে যদি ক'ৰ'নাৰ লক্ষণ থকা ব্যক্তিৰ নমুনা এই পদ্ধতিত পৰীক্ষা কৰোতে ফলাফল নিগেটিভ ওলায়, তেন্তে তেওঁৰ নমুনা আৰ টি পি চি আৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰ হ'ব বুলি মন্ত্ৰী শৰ্মাই কয়। এই নতুন নমুনা পৰীক্ষা সম্পাদনৰ বাবে কাইলৈৰ পৰা কৰ্মচাৰীক প্ৰশিক্ষণ কৰা হব বুলিও মন্ত্ৰীজনে সদৰী কৰে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com