ক'ৰ'নাঃ শ্মশানত মৃতদেহৰ শাৰী, কেতিয়া সতৰ্ক হ'ব বহু লোক !

এনে এটা মৃতদেহ সৎকাৰৰ সময়ত দুৰ্ভগীয়া ব্যক্তিজনৰ দুজনহে আত্মীয়ক শ্মসানত উপস্থিত থাকিবলৈ দিয়া হয় ৷
ক'ৰ'নাঃ শ্মশানত মৃতদেহৰ শাৰী, কেতিয়া সতৰ্ক হ'ব বহু লোক !

ক্ৰমে ৰাজ্যত ক'ৰ'না মহামাৰীয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ শিশুৰ পৰা বৃদ্ধলৈ বহু লোকে মৃত্যুক সাৱটি লৈছে ৷ সম্প্ৰতি গুৱাহাটীত অৱস্থা হৈছে যে শ্মাশানত মৃতদেহ সৎকাৰৰ বাবে শাৰী পাতিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ নিতৌ কমেও ১০জন লোকৰ ক'ৰ'নাত মৃত্যু হৈছে ৷ গুৱাহাটীত দুখন শ্মশান ক্ৰমে ভূতনাথ আৰু উলুবাৰী শ্মশান ক'ৱিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সৎকাৰৰ বাবে ৰখা হৈছে ৷ একেদৰে ইছলামধৰ্মী লোকৰ বাবে আঠগাঁও আৰু ইছলামপুৰ কবৰস্থানৰ ব্যৱস্থা কৰা হৈছে ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ক'ৱিড-১৯ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ দায়িত্বত নিয়োজিত কৰিছে নৱৰূপ নামৰ এটা এন জি অ'ক ৷ এন জি অ'টোৰ এজন কৰ্মীয়ে জানিবলৈ দিয়া মতে, যোৱা জুনৰ পৰা তেওঁলোকে গড় হিচাপত নিতৌ ১০টাকৈ মৃতদেহ সৎকাৰৰ বাবে পাইছে ৷ এনে এটা মৃতদেহ সৎকাৰৰ সময়ত দুৰ্ভগীয়া ব্যক্তিজনৰ দুজনহে আত্মীয়ক শ্মশানত উপস্থিত থাকিবলৈ দিয়া হয় ৷ তেওঁলোকে চৰকাৰী পি পি ই পৰিধান কৰাটো বাধ্যতামূলক ৷ কিন্তু সময়ত এনে এজন দুৰ্ভগীয়াৰ ৫০জন পৰ্যন্ত আত্মীয়ই শ্মসানত ভিৰ কৰে বুলি এন জি অ' কৰ্মীজনে কয় ৷

আনহাতে, অলপতে এটি ন বছৰীয়া শিশুৰ ক'ৰ'নাত মৃত্যু হয় ৷ শিশুটিৰ পিতৃ-মাতৃও ক'ৰ'নাত আক্ৰান্ত আছিল ৷ শিশুটিৰ সৎকাৰৰ সময়ত শ্মসানত উপস্থিত থাকিবলৈ আত্মীয়ই সাহস গোটাব নোৱাৰিলে ৷ ফলত নিৰ্দিষ্ট কাগজপত্ৰত কোনো লোকে স্বাক্ষৰ কৰিব নোৱাৰিলে ৷ তথাপি বহু লোক সচেতন হোৱা নাই। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com