মজুৰি নোপোৱাৰ অভিযোগঃ সৰুসজাই ক'ৱিড কেন্দ্ৰৰ চাফাই কৰ্মীৰ প্ৰতিবাদ

তেওঁলোকক কোৱাৰেণ্টিং হৈ থকা ব্যক্তিসকলৰ সৈতে থাকিবলৈ বাধ্য কৰোৱা হৈছে বুলিও চাফাই কৰ্মীসকলে অভিযোগ কৰে।
মজুৰি নোপোৱাৰ অভিযোগঃ সৰুসজাই ক'ৱিড কেন্দ্ৰৰ চাফাই কৰ্মীৰ প্ৰতিবাদ

মজুৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰি আজি গুৱাহাটীৰ সৰুসজাই ক'ৱিড কেন্দ্ৰৰ চাফাই কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ২৭জন চাফাই কৰ্মীয়ে অংশ লয়। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে তেওঁলোকে এই সংকটৰ সময়তো ২-৪মাহ দৰি মজুৰি লাভ কৰা নাই। এনে অৱস্থাতো নিতৌ তেওঁলোকে কেইবা ঘণ্টা ধৰি কাম কৰিবলগীয়া হয় বুলি প্ৰতিবাদকাৰী চাফাই কৰ্মীসকলে অভিযোগ কৰে। প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকক আকবৰ হুছেইন নামৰ এজন ঠিকাদাৰে কৰ্মত নিয়োজিত কৰিছে।

আনহাতে, মজুৰি লাভ নকৰা বিষয়টো স্বাস্থ্য বিভাগক অৱগত কৰাৰ পাছতো বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে। তেওঁলোকে লগতে অভিয়োগ কৰে যে চাফাই কৰ্মীসকলক থকা-খোৱাৰ সুব্যৱস্থাও নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক কোৱাৰেণ্টিং হৈ থকা ব্যক্তিসকলৰ সৈতে থাকিবলৈ বাধ্য কৰোৱা হৈছে বুলিও চাফাই কৰ্মীসকলে অভিযোগ কৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com