ৰাজ্যৰ বানাক্ৰান্তৰ প্ৰতি সহমৰ্মিতা প্ৰাক্তন ব্ৰিটিছ ক্ৰিকেটাৰ পিটাৰছনৰ

ৰাজ্যৰ বানাক্ৰান্তৰ প্ৰতি সহমৰ্মিতা প্ৰাক্তন ব্ৰিটিছ ক্ৰিকেটাৰ পিটাৰছনৰ

বৰ্তমানলৈকে এই বানত ৮৪জন লোকৰ প্ৰাণহানি ঘটিছে
Published on

অসমৰ বানাক্ৰান্তৰ প্ৰতি সহমৰ্মিতা প্ৰাক্তন ব্ৰিটিছ ক্ৰিকেট তাৰকা কেভিন পিটাৰছনে। শেহতীয়াভাবে বিশ্ববিখ্যাত ছেলচা আৰু আৰ্ছেনাল ফুটবল ক্লাবে অসমৰ বানাক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। সম্প্ৰতি প্ৰাক্তন ব্ৰিটিছ ক্ৰিকেট তাৰকাজনে ৰাজ্যৰ বানাক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে.। এই বিপৰ্যয়ৰ সময়ত ৰাজ্যৰ বানাক্ৰানতসকলৰ সৈতে আছে বুলি মন্তব্য কৰি এটা টুইটত পিটাৰছনে কয়, " মাৰ্চত মই অসম ভ্ৰমণৰ সময়ত তাত ধুনীয়া মনৰ মানুহবোৰক লগ পাইছিলো। সম্প্ৰতি তাত জীৱন বিপদাপন্ন কৰা বানৰ সংহাৰ চলিছে। মই তেওঁলোকৰ সৈতে আছো"।

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৭খন জিলাৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে এই বানত ৮৪জন লোকৰ প্ৰাণহানি ঘটিছে। তদুপৰি এশিঙীয়া গঁড়কে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শতাধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সিংহভাগ অঞ্চল বানৰ কবলত পৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com