অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য আগবঢ়াব দালাই লামাই

তেওঁ লগতে অসমৰ বান দুৰ্গতসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰিছে।
অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য আগবঢ়াব দালাই লামাই

ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত ৰাইজক প্ৰদানৰ বাবে সাহায্য আগবঢ়াব তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাই। ভাৰতত স্ব-নিৰ্বাসিত জীৱন কটাই থকা তিব্বতী আধ্যাত্মিক গুৰুজনে এক পত্ৰযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই কথা অৱগত কৰিছে। পত্ৰখনত লামাই উল্লেখ কৰিছে যে তেওঁৰ ন্যাসে অসমৰ বানাক্ৰান্তসকলক সাহায্য প্ৰদানৰ বাবে দান দিব। আধ্যাত্মিক গুৰুজনৰ এই মহানুভৱতাক মুখ্যমন্ত্ৰী সোণোৱালে উচ্চ প্ৰশংসা কৰিছে।

দালাই লামাই তেওঁৰ পত্ৰখনত অসমৰ বানাক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি লগতে কয়, "অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত বাৰিষা কালত হোৱা বৰষুণে প্ৰতিবছৰে ভয়াবহ ক্ষতি কৰি আহিছে আৰু জনসাধাৰণে বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভোগ কৰি আহিবলগীয়া হৈছে,"। তেওঁ লগতে অসমৰ বান দুৰ্গতসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰিছে। উল্লেখ্য যে সাম্প্ৰতিক বানত ৰাজ্যত ৩০লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com