গুৱাহাটীৰ ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা ৰাইজক আঁতৰি যাবলৈ উপায়ুক্তৰ

চলিত বাৰিষাৰ যোৱা কেইদিনত গুৱাহাটী মহানগৰীত কমেও তিনিটা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
গুৱাহাটীৰ ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা ৰাইজক আঁতৰি যাবলৈ উপায়ুক্তৰ

ক'ৱিড-১৯ মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে গুৱাহাটীৰ কেতবোৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকা প্ৰকট হৈ উঠিছে্। ইয়াৰ কাৰণ হৈছে নেৰানেপেৰা বৰষুণ। ইতিমধ্যে চলিত বাৰিষাৰ যোৱা কেইদিনত গুৱাহাটী মহানগৰীত কমেও তিনিটা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আন কেতবোৰ অঞ্চলতো এনে আশংকাই দেখা দিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কামৰুপ মহানগৰ জিলা উপায়ুক্তই ভূ-স্খলনপ্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাসকলক ঘৰ-বাৰী এৰি আঁতৰি যাবলৈ আহ্বান জনাইছে। কাৰণ বৰষুণ অব্যাহত আছে। ভূ-স্খলনপ্ৰৱণ অঞ্তলসমূহৰ ৰাইজৰ প্ৰতি এই আহ্বান জনাই উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে নিজৰ জীৱনৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভূ-স্খলনপ্ৰৱণ অঞ্চলৰ ৰাইজে ঘৰ-বাৰী এৰি বাৰিষা পাৰ নোহোৱালৈকে আঁতৰি থাকক।আজি উপায়ুক্তই একে কাৰণতে খাৰঘুলীৰ বৰঠাকুৰ ক্লিনিকক খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com