ভূমিস্খলনৰ আশংকাঃ বৰঠাকুৰ ক্লিনিক খালী কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

এই নিৰ্দেশ জাৰিৰ কাৰণ হৈছে প্ৰবল বৰষুণৰ ফলত ৰাজভৱনৰ ওচৰৰ পাহাৰৰ মাটি ঢিলা হ’বলৈ ধৰিছে
ভূমিস্খলনৰ আশংকাঃ বৰঠাকুৰ ক্লিনিক খালী কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

বৰষুণৰ ফলত গুৱাহাটীৰ খাৰঘুলিস্থিত বৰঠাকুৰ ক্লিনিকৰ ওচৰ-পাঁজৰৰ অঞ্চলত ভূমিস্খলনৰ আশংকাই দেখা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই বৰঠাকুৰ ক্লিনিক আৰু হাস্পতাল খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ তত্কালে বলবত কৰিবলৈ কোৱা হৈছে। এই নিৰ্দেশ জাৰিৰ কাৰণ হৈছে প্ৰবল বৰষুণৰ ফলত ৰাজভৱনৰ ওচৰৰ পাহাৰৰ মাটি ঢিলা হ'বলৈ ধৰিছে। ফলত মুহূৰ্তৰ ভিতৰতে বিপৰ্যয় নামি অহাৰ আশংকাত উপাযুক্তই হাস্পতালখন খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com