অসম চুক্তিৰ ষষ্ঠ দফাক লৈ দিল্লী-দিছপুৰে জনতাক আন্ধাৰত ৰাখিছেঃ শইকীয়া

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী ৰেড্ডীয়ে কয় যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন সম্প্ৰতি অসম চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰি আছে ৷
অসম চুক্তিৰ ষষ্ঠ দফাক লৈ দিল্লী-দিছপুৰে জনতাক আন্ধাৰত ৰাখিছেঃ শইকীয়া

"অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ জনতাক আন্ধাৰত ৰাখিছে ৷ এই প্ৰতিবেদনক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ৰাজনীতি কৰিছে", এই মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ ষষ্ঠ দফাৰ ৰূপায়নৰ উদ্দেশ্যে কেন্দ্ৰই গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনক লৈ সৃষ্ট শেহতীয়া বিতৰ্ক সম্পৰ্কত বিৰোধী দলপতিজনে সম্প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

তেওঁ কয় যে কেন্দ্ৰই ষষ্ঠ দফাৰ প্ৰতিবেদনখনক লৈ ধূৰ্তালিভৰা মন্তব্য কৰিছে ৷ উল্লেখ্য যে ১৬ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে কয় যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন সম্প্ৰতি অসম চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰি আছে ৷ এই সম্পৰ্কত বিৰোধী দলপতি শইকীয়াই কয়, "এয়া আমোদজনক কথা যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন লাভ কৰাৰ পাছতে দাড়ি-ক'মা পৰ্যন্ত সলনি নকৰাকৈ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা হ'ব বুলি প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সংসদত কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া বিবৃতিৰ জৰিয়তে এই কথা প্ৰতিপন্ন হ'ল যে অসম চৰকাৰে কেন্দ্ৰক প্ৰতিবেদনখন দাখিলেই কৰা নাই ৷" শইকীয়াই শীঘ্ৰে প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com