জেৰাৰ পূৰ্বে মাজনিশা অধিবক্তাৰ সৈতে আলোচনাত মিলিত হৈছিল দীপিকা

এই আলোচনাত ৰণবীৰ সিঙো উপস্থিত আছিল সূত্ৰই জনায়
জেৰাৰ পূৰ্বে মাজনিশা অধিবক্তাৰ সৈতে আলোচনাত মিলিত হৈছিল দীপিকা

ড্ৰাগছজনিত অপৰাধৰ গোচৰত সাঙোৰ খাই জেৰাৰ সন্মুখীন হোৱা জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাড়ুকনৰ গতি-বিধি সম্পৰ্কীয় এক তথ্য পোহৰলৈ আহিছে ৷ আজি এন চি বিৰ জেৰাৰ সন্মুখীন হোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকী শুকুৰবাৰে মাজনিশা মুম্বাইৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত বহু সময় ধৰি অধিবক্তাৰ সৈতে আলোচনাত মিলিত হয় ৷

এই আলোচনাৰ বিষয়বস্তু এন চি বিৰ জেৰাক লৈ আছিল ৷ এই আলোচনাত ৰণবীৰ সিঙো উপস্থিত আছিল সূত্ৰই জনায় ৷ গোৱাত এখন ছবিৰ শ্বুটিঙত ব্যস্ত থকা দীপিকা এন চি বিৰ জেৰাৰ বাবে বৃহস্পতিবাৰে মুম্বাইত উপস্থিত হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com