পাক এজেণ্টৰ পৰা ৫ কোটি লৈ 'কা'বিৰোধী আন্দোলনত অংশ লৈছিল দীপিকাই !

এন কে সুদ নামৰ এই প্ৰাক্তন চোৰাংচোৱা বিষয়াজনে অভিযোগ উত্থাপন কৰে যে পাকিস্তানী এজেণ্ট আনীল মুছাৰাটে জনপ্রিয় অভিনেত্রী দীপিকাক ৫ কোটি টকা দিছিল৷
পাক এজেণ্টৰ পৰা ৫ কোটি লৈ 'কা'বিৰোধী আন্দোলনত অংশ লৈছিল দীপিকাই !

মোহময়ী অভিনেত্ৰী দীপিকা পাড়ুকনে কুখ্যাত পাকিস্তানী সংস্থাৰ পৰা পাঁচ কোটি টকা লৈ জে এন ইউৰ কা-বিৰোধী আন্দোলনত অংশ লৈছিল। এই অভিযোগ এজন প্ৰাক্তন ৰ-ৰ বিষয়াৰ। স্বাভাৱিকতে চোৰাংচোৱা সংস্থা ৰ-ৰ বিষয়াজনৰ এই অভিযোগে খলকনি তুলিছে বলীউডৰ লগতে সমগ্র দেশত৷ এন কে সুদ নামৰ এই প্ৰাক্তন চোৰাংচোৱা বিষয়াজনে অভিযোগ উত্থাপন কৰে যে পাকিস্তানী এজেণ্ট আনীল মুছাৰাটে জনপ্রিয় অভিনেত্রী দীপিকাক ৫ কোটি টকা দিছিল৷ পাকিস্তানী এজেণ্টজনে জে এন ইউত এই বছৰৰ আৰম্ভণিতে হোৱা 'কা'বিৰোধী আন্দোলনত অংশগ্রহণ কৰাৰ বাবে অভিনেত্রীগৰাকীক এই বিপুল পৰিমাণৰ ধন আগবঢ়াইছিল৷ ৰ'ৰ অৱসৰপ্রাপ্ত বিষয়া সুদে এক ভিডিঅ'যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ ইতিমধ্যে এনফ'চমেণ্ট ডিৰেক্টৰেটৰে পাকিস্তানী এজেণ্টে অভিনেত্রী দীপিকাক ধন আগবঢ়োৱা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷

স্মর্তব্য যে চলিত বৰ্ষৰ ৯ জানুৱাৰীত দীপিকাই জে এন ইউত 'কা'বিৰোধী আন্দোলনত অংশগ্রহণ কৰিছিল৷ আনহাতে, যোৱা কিছুদিন ধৰি বলীউডৰ চেলিব্রিটীসকলে বিদেশত সম্পত্তি ক্রয় কৰাৰ উৎসৰ তদন্ত কৰি আছে ইডিয়ে৷ এই তদন্তৰ ফলতে দীপিকাই 'কা'বিৰোধী আন্দোলনত অংশ লোৱাৰ বিনিময়ত পাক এজেণ্টৰ পৰা ৫ কোটিকৈ টকা লোৱাৰ তথ্য পোহৰলৈ আহিছে বুলি দাবী কৰিছে প্ৰাক্তন ৰ-ৰ বিষয়া সুদে৷  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com