জ্বৰত আক্ৰান্ত মুখ্যমন্ত্ৰী কেজৰিৱালঃ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ প্ৰস্তুতি

যোৱা ৫ জুনলৈকে দেশৰ ৰাজধানীত ২৬, ৩৩৪জন লোক এই মহামাৰীত আক্ৰান্ত হয় ৷ ইয়াৰে ১০,৩১৫জন আৰোগ্য হৈছে
জ্বৰত আক্ৰান্ত মুখ্যমন্ত্ৰী  কেজৰিৱালঃ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ প্ৰস্তুতি

জ্বৰত আক্ৰান্ত কেজৰিৱালঃ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ প্ৰস্তুতি

দেশৰ বিভিন্ন স্থানৰ দৰে দিল্লীতো ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে অৱস্থাতে জ্বৰত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ নমুনা পৰীক্ষা কৰোৱাবলৈ সাজু হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কেজৰিৱাল কালিৰ কৰা জ্বৰত আক্ৰান্ত হৈছে ৷ তদুপৰি ডিঙিতো সুৰসুৰনি কৰিবলৈ লৈছে ৷ এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, কালি সন্ধিয়াৰে পৰা কেজৰিৱাল বাহিৰলৈ ওলোৱা নাই ৷ ইয়াৰ আগে আগে তেওঁ এখন সংবাদমেলত ঘোষণা কৰে দিল্লীৰ চিকিৎসালয়সমূহত কেৱল দিল্লীৰ বাসিন্দাসকলকহে চিকিৎসা প্ৰদান কৰা হ'ব ৷ উল্লেখ্য যে দুই মাৰ্চত দিল্লীত প্ৰথমজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয় ৷ যোৱা ৫ জুনলৈকে দেশৰ ৰাজধানীত ২৬, ৩৩৪জন লোক এই মহামাৰীত আক্ৰান্ত হয় ৷ ইয়াৰে ১০,৩১৫জন আৰোগ্য হৈছে ৷ ইপিনে, সমগ্ৰ দেশত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা দুই লক্ষাধিক হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com