

এগৰাকী মহিলাক শাৰী পিন্ধি থকাৰ বাবে প্ৰৱেশৰ অনুমতি দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগত দিল্লীৰ এখন অভিযাত ৰেস্তোঁৰা ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এটা ফেচবুক পোষ্টত অনিতা চৌধুৰী নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰে যে দেওবাৰে তেওঁক আনচাল প্লাজাৰ আকিলা ৰেস্তোৰাঁত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। কিয়নো তেওঁ শাৰী পিন্ধি আছিল। লগে লগে পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
"দিল্লীৰ এখন ৰেস্তোৰাঁত শাৰীক স্মাৰ্ট পোছাক বুলি গণ্য কৰা নহয়। ৰেস্তোৰাঁখনৰ নাম আকিলা। আমি শাৰীক লৈ তৰ্ক কৰিছিলো, আৰু বহুতো অজুহাত প্ৰস্তুত কৰা হৈছিল, কিন্তু মোক ৰেস্তোৰাঁত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। কিয়নো ভাৰতীয় পোছাক - শাৰী এটা স্মাৰ্ট পোছাক নহয়।"
"মোক কেতিয়াও এনেদৰে অপমান কৰা হোৱা নাই। মইও আঘাত অনুভৱ কৰোঁ," মহিলাগৰাকীয়ে লিখিছিল।
মহিলাগৰাকীয়ে ৰেস্তোৰাঁখনৰ কৰ্মচাৰীৰ সৈতে হোৱা তৰ্কৰ এটা চমু ভিডিঅ'ও পোষ্ট কৰে। লগতে শাৰীখনত থকা নিজৰ কেইখনমান ফটোও তেওঁ পোষ্ট কৰে। ভাইৰেল পোষ্টটোৰ পাছত ৰেস্তোৰাঁখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বুধবাৰে ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষই দাবী কৰে যে ঘটনাটো ভুলকৈ উপস্থাপন কৰা হৈছে।
ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষৰ আচৰণক "উদ্ভট" বুলি অভিহিত কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "শাৰী 'স্মাৰ্ট ৱেৰ' নহয় বুলি কোনে সিদ্ধান্ত লয়? মই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ.এ.ই.ৰ লগতে ইউ.কে.ৰ সৰ্বশ্ৰেষ্ঠ ৰেস্তোৰাঁবোৰত শাৰী পিন্ধিছো। মোক কোনেও বাধা দিয়া নাছিল। আৰু আকিলা ৰেস্তোৰাঁই ভাৰতত এটা পোছাক সংহিতা নিৰ্দেশ কৰে আৰু সিদ্ধান্ত লয় যে শাৰী 'যথেষ্ট স্মাৰ্ট' নহয়? উদ্ভট ।"
আনহাতে,ৰেস্তোৰাঁখনে বুধবাৰে সংঘটিত ঘটনাৰ প্ৰতিক্ৰিয়াৰূপে এটা বিবৃতি প্ৰকাশ কৰে।
ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষই লগতে কয়, "এজন অতিথিয়ে ৰেস্তোৰাঁখন দৰ্শন কৰিছিল আৰু তেওঁৰ নামত কোনো সংৰক্ষণ নোহোৱাৰ বাবে নম্ৰতাৰে গেটত অপেক্ষা কৰিবলৈ অনুৰোধ কৰা হৈছিল। অৱশ্যে যেতিয়া আমি তেওঁলোকক ক'ত বহিব পাৰোঁ সেই বিষয়ে আভ্যন্তৰীণভাৱে আলোচনা কৰিছিলো, অতিথিজনে ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিছিল আৰু আমাৰ কৰ্মচাৰীসকলৰ সৈতে কাজিয়া আৰু গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত যি ঘটিছিল সেয়া আমাৰ কল্পনাৰ বাহিৰত আছিল, অতিথিয়ে আমাৰ মেনেজাৰক চৰ মাৰিছিল।"
'আমি পৰম স্বচ্ছতাত বিশ্বাস কৰো আৰু সেয়েহে আগতে পৰম্পৰাগত পোছাক সংহিতাত আমাৰ ৰেস্তোৰাঁলৈ যোৱা লোকসকলৰ স্নিপেট সংলগ্ন কৰি আছো,' ৰেস্তোৰাঁখনে এক বিবৃতিত দাবী কৰিছে।