অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া অব্যাহত

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া অব্যাহত

মহন্তই অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন চন্দ্ৰ নাথক ঘটনাৰ এক সুকীয়া তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে
Published on

পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডে ৫৯৭টা পদত উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে পৰীক্ষাৰ আয়োজন কৰে। কিন্তু কালি অনুষ্ঠিত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই ৱাটছএপত প্ৰশ্নকাকত ফাদিল হয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিল কৰা হয় ৷ ইয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বহু মেধাৱী আৰু শাৰীৰিকভাবে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে অনেক আশাৰে পৰীক্ষা দিবলৈ আহি বিমুখ হ'বলগীয়া হয় ৷

ইপিনে, এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লেখীয়া দুষ্কাৰ্যত লিপ্তক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ ভিত্তিত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন চন্দ্ৰ নাথক ঘটনাৰ এক সুকীয়া তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

আনহাতে, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে কয় যে তেওঁক এজন ব্যক্তিয়ে প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱাৰ কথা জনায়। " মই দেওবাৰে পুৱা ১২-১৫বজাত মোৰ ম'বাইল ফোনত এজন ব্যক্তিৰ পৰা ফোন পাওঁ ৷ তেওঁ মোক কয় যে তেওঁ দেওবাৰে ১১-১৫বজাত ৱাটছএপত এটা বাৰ্তা পায় ৷ এই বাৰ্তাটোত প্ৰশ্নকাকত আছিল। তেওঁ মোক যিটো নম্বৰৰ এই বাৰ্তা লাভ কৰিছিল, সেই নম্বৰটোও দিয়ে ৷ মই এই কথা বুজা নাই যে প্ৰশ্ন কাকত বিভিন্ন জিলাৰ আৰক্ষীৰ জিম্মাত থকা সত্বেও কেনেদৰে ফাদিল হ'বলৈ পালে-, কুমাৰে এইদৰে কয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com