ক'ৱিড-১৯ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান ধেমাজি জিলা ছাত্ৰ সন্থাৰ

ক'ৱিড-১৯ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান ধেমাজি জিলা ছাত্ৰ সন্থাৰ
Published on

ক'ৱিড-১৯ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান ধেমাজি জিলা ছাত্ৰ সন্থাৰ

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ক'ৰ'না মহামাৰীয়ে। ভাৰতৰ প্ৰায় ৭০০০০ৰো অধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমতো বিয়পি পৰিছে এই মহামাৰী। উল্লেখ্য যে অসমত ৬৫ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে । ৩৯ জন ৰোগী সুস্থ হৈ উঠাৰ লগতে মৃত্যুমুখত পৰিছে দুজন লোক ।

ৰাজ্যত বাঢ়ি অহা ক'ৱিড-১৯ ৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা ছাত্ৰ সন্থাই জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাইছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সন্থাই কয় যে ক'ৱিড-১৯ ৰোগী বৃদ্ধি হোৱা ঘটনা মানৱ সভ্যতাৰ বাবে ভাবুকি স্বৰূপ ।

সন্থাটোৰ মতে, এই ভাইৰাছৰ পৰা ধেমাজি জিলাৰ লোক সুৰক্ষিত নহয় । অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ কোভিড -১৯ পজিটিভ ব্যক্তি ধেমাজি জিলাত ওলোৱা নাই ।

বৰ্তমান সময়ত অন্য ৰাজ্যৰ আৱদ্ধ লোক সকলক উভতাই অনাৰ প্ৰক্ৰিয়া চলি আছে। ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি অন্য ৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইনত ৰাখিব লাগে।

এই সন্দৰ্ভত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে যদি কোনো লোকক কোৱাৰেন্টানত থাকিব দিয়াৰ পিচত ঘূৰি ফুৰা দেখা যায় , কোভিড-১৯ ৰ প্ৰকোপ ৰোধ কৰাৰ বাবে দিয়া নীতি নিৰ্দেশনা উংলঘন কৰা দেখা যায় তেন্তে আৰক্ষী ,অথবা স্বাস্থ্য বিভাগক খবৰ দিব লাগে ।

সন্থাটোৱে কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া সকলক স্বাস্থ্য কৰ্মী, আৰক্ষী , সাংবাদিক সকলৰ ভূমিকাক কৃতজ্ঞতা জ্ঞাপন কৰে। সন্থাটোৱে ফন্টলাইন কৰ্মী সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰক আহ্বান জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com