ডিব্ৰুগড়ত দলৱদ্ধ ধৰ্ষণৰ বলি কলেজীয়া ছাত্ৰীঃ তিনিজনৰ বিৰুদ্ধে অভিযোগ

তাৰ পাছৰে পৰা তেওঁক দেৱজিতে ব্লেকমেইলিঙৰ অপচেষ্টা চলাই অহা বুলিও ভুক্তভোগীগৰাকীয়ে অভিযোগ কৰে ৷
ডিব্ৰুগড়ত দলৱদ্ধ ধৰ্ষণৰ বলি কলেজীয়া ছাত্ৰীঃ তিনিজনৰ বিৰুদ্ধে অভিযোগ

ডিব্ৰুগড়ত এগৰাকী কলেজীয়া ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগীগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁ কলেজলৈ গৈ থকা অৱস্থাত তেওঁৰ এজন সহপাঠীয়ে আন দুজন লোকৰ সৈতে মিলি এটা কোঠালৈ অপহৰণ কৰি নি তাত ধৰ্ষণ কৰে ৷ তেওঁক তিনিজনীয়া দলটোৱে নিচাযুক্ত দ্ৰব্য খুৱাই অসৎ কামনা চৰিতাৰ্থ কৰে ৷ ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ দলবদ্ধ ধৰ্ষণত পবিত্ৰ হাজৰিকা, আৰয়ান দাস আৰু দেৱজিৎ দাস নামৰ লোককেইজন জড়িত আছিল ৷ ধৰ্ষণ কৰাৰ পাছত ধৰ্ষণকাৰীকেইজনে ভুক্তভোগীক হত্যাৰ ভাবুকি দি ঘটনাৰ গোপনে ৰাখিবলৈ কয় ৷ পাছত ছাত্ৰীগৰাকী আৰক্ষীৰ দ্বাৰস্থ হয় ৷

ঘটনা সন্দৰ্ভত তেওঁ কয়, " ঘটনাৰ দিনা মই কলেজলৈ যোৱাৰ পথত মোৰ সহপাঠী আৰয়ান দাসক লগ পাওঁ ৷ তেওঁ মোক তেওঁৰ লগত যাবলৈ লগ ধৰে ৷ মই তেওঁৰ স্কুটীত উঠি যাওঁ ৷ কিন্তু কিছু দূৰ যোৱাৰ পাছতে তেওঁ মোক স্কুটীখন বেয়া হোৱা বুলি কয় ৷ তেনে সময়তে তেওঁৰ ভিনিহিয়েকক গাড়ীৰ সৈতে ৷ তেওঁ আমাক কলেজত নমাই দিয়াৰ প্ৰতিশ্ৰুতিৰে গাড়ীত উঠায় ৷ কিন্তু তেওঁৰ গাড়ীত গৈ থকা অৱস্থাত তেওঁ আৰু আৰয়ানে মোক জুচ খাবলৈ দিয়ে ৷ তাৰ পাচতে মই জ্ঞান হেৰুৱাওঁ ৷ পাছত মই এটা কোঠাত নিজকে অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰো ৷ কোঠাটোত আৰয়ান, দেৱজিত আৰু পবিত্ৰ আছিল ৷ তেওঁলোকে মোক ভাবুকি দি কোঠাটোৰ পৰা উলিয়াই দিয়ে ৷" তাৰ পাছৰে পৰা তেওঁক দেৱজিতে ব্লেকমেইলিঙৰ অপচেষ্টা চলাই অহা বুলিও ভুক্তভোগীগৰাকীয়ে অভিযোগ কৰে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com