নাহৰকটীয়াৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা এজনৰ পলায়ন

যোৱা ২৬জুনত এই লোকজন দিল্লীৰ পৰা নাহৰকটীয়াত উপস্থিত হয়। তাৰ পাছতে তেওঁক কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।
নাহৰকটীয়াৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা এজনৰ পলায়ন
Published on: 

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অসমত উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ সময়তে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এটা কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা এজন লোকে পলায়ন কৰিলে। প্ৰাপ্ত তথ্য অনুসৰি কালি ৩০ জুনত লোকজনে চৰকাৰী কোৱাৰেণ্টিন কেন্দ্ৰটোৰ পৰা পলায়ন কৰে। যোৱা ২৬জুনত এই লোকজন দিল্লীৰ পৰা নাহৰকটীয়াত উপস্থিত হয়। তাৰ পাছতে তেওঁক কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আৰু স্বাস্থ্য কৰ্মীয়ে তেওঁৰ নমুনা সংগ্ৰহ কৰে। কিন্তু কালি তেওঁ কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়ন কৰে। তাৰ পাছৰে পৰা তেওঁৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই কথা সদৰী কৰি তদন্তকাৰী বিষয়া বিক্ৰম ছেত্ৰীয়ে কয় যে ঘটনা সম্পৰ্কত ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com