ক'ৰ'নাত মৃত্যু ডিব্ৰুগড়ৰ কৰ অধীক্ষক ৰিজুমণি গোহাঁইৰ

পাছত তেওঁৰ অৱস্থা অধিক শোচনীয় হোৱাত এ এম চি এইচলৈ স্থানান্তৰ কৰা হয়। তাত চিকিত্সাধীন অৱস্থাতে বিষয়াগৰাকীৰ মৃত্যু হয়।
ক'ৰ'নাত মৃত্যু ডিব্ৰুগড়ৰ কৰ অধীক্ষক ৰিজুমণি গোহাঁইৰ

ক'ৰ'না মহামাৰীয়ে প্ৰাণ ল'লে ৰাজ্যৰ এগৰাকী উচ্চপদস্থ কৰ বিষয়াৰ। প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ কৰ অধীক্ষক ৰিজুমণি গোহাঁইৰ দেওবাৰে নিশা ক'ৰ'না মহামাৰীজনিত ৰোগত মৃত্যু হয়। তেওঁ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছিল। উল্লেখ্য যে গোহাঁইয়ে গুৱাহাটীত তিনি মাহ ধৰি ক'ৰ'নাবিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰিছিল। শেহতীয়াভাবে তেওঁ ডিব্ৰুগড়লৈ বদলি হয়। বিগত কিছুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। সেয়েহে তেওঁক ডিব্ৰুগড়ৰে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হয়। পাছত তেওঁৰ অৱস্থা অধিক শোচনীয় হোৱাত এ এম চি এইচলৈ স্থানান্তৰ কৰা হয়। তাত চিকিত্সাধীন অৱস্থাতে বিষয়াগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে গোহাঁইয়ে প্ৰথমে কৰ বিভাগত পৰিদৰ্শকৰূপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অধীক্ষক পদলৈ পদোন্নতি লাভ কৰে। ইপিনে, ক'ৰ'নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই প্ৰতিদিনে জিলাখনত নূন্যতম ৩০০ ৰেপিড এণ্টিজেন পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com