কবি নীলমণি ফুকনক বিশেষ সন্মান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

কবি নীলমণি ফুকনক বিশেষ সন্মান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
Published on

কবি নীলমণি ফুকনক বিশেষ সন্মান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সোমবাৰে মালিগাঁৱৰ নিবাসী ডি লিট উপাধিৰে সন্মানিত কবি,শিক্ষাবিদ তথা আলোচক নীলমণি ফুকনক বিশেষ সন্মানেৰে সন্মানিত কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় দিয়া এই ডি লিট সন্মান লাভ কৰি উৎফুল্লিত হৈ কবি গৰাকীয়ে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে । এই সময়ত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জীত তামূলী আৰু ড° হৰিচন্দ্ৰ মহন্ত উপস্থিত থাকে।

পুৰস্কাৰ লাভ কৰাৰ পিছত কবি নীলমণি ফুকনে কয় যে বন্ধুত্ব,মৰম,মানৱতা, সুন্দৰতা,এজন কবিৰ কাৰণে বহু মূল্যবান । কোনো পুৰস্কাৰ অথবা সন্মানে এজন কবিক সুখী কৰিব নোৱাৰে ৷যিমান এটি আত্ম ৰচনাই দিব পাৰে ৷ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই সন্মানৰ পূৰ্বে অসম সাহিত্য সভাই অসমীয়া জাতীয় কবি সন্মান প্ৰদান কৰিছিল।

ইয়াৰোপৰি ২০০২ চনত সাহিত্য অকাডেমীৰ সাহিত্যিক ফেলোশ্বিপ লাভ কৰিছিল ৷ ১৯৮১ চনত নীলমণি ফুকনক "কবিতা" নামৰ কবিতা সংগ্ৰহৰ কাৰণে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল। ১৯৯০ চনত নীলমণি ফুকনে ভাৰত চৰকাৰৰ দ্বাৰা পদশ্ৰী উপাধি লাভ কৰিছিল। ১৯৩৩ চনত অসমৰ দেৰগাঁৱত জন্ম গ্ৰহণ কৰা নীলমণি ফুকনৰ কবিতা সংগ্ৰহসমূহ হ’ল সূৰ্য হেনো নামি আহে এই নদীয়েদী,গোলাপী জামু লগ্ন,ফুলি থকা সূৰ্যমুখী ফুলটোৰ পিনে,মানস প্ৰতিমা আদি বহুতো ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Passenger saved from getting run over by train in Guwahati

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com