ক'ৰ'নাত আক্ৰান্ত হ'ল দিছপুৰৰ বিধায়ক অতুল বৰা

বিধায়ক গৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে দিছপুৰ সমষ্টিত খলকনিৰ সৃষ্টি কৰিছে।
ক'ৰ'নাত আক্ৰান্ত হ'ল দিছপুৰৰ বিধায়ক অতুল বৰা

ৰাজ্যত এজনৰ পাছত আনজনকৈ জনপ্ৰতিনিধি ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ দিছপুৰৰ বিজোপি বিধায়ক তথা একালৰ জাতীয়তাবাদী নেতা অতুল বৰা এই মহামাৰীত আক্ৰান্ত হৈছে।। বিগত কিছুদিন ধৰি বিধায়ক গৰাকী কোৱাৰেণ্টিনত আছিল ।সম্প্ৰতি বিজেপিৰ বিধায়ক গৰাকীৰ দেহত কৰ'নাৰ উপস্থিতি ধৰা পৰিছে। ইতিমধ্যে বিধায়কগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিধায়ক গৰাকী কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰে দিছপুৰ সমষ্টিত খলকনিৰ সৃষ্টি কৰিছে। বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে সমষ্টিবাসীয়ে।

ইয়াৰ পূৰ্বে কালি সোণাৰিৰ বিজেপি বিধায়িকা নৱনীতা সন্দিকৈৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এনেদৰে শাসক দলৰ কেইবাজনো জনপ্ৰতিনিধি ক'ৰ'নাত আক্ৰান্ত হৈছে।  অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। ইতিমধ্যে মুঠ আক্ৰান্তৰ সংখ্যাই ২৩ হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com