উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনঃ আইনজ্ঞৰ পৰামৰ্শ বিচাৰিব দিছপুৰে

এই সাক্ষাতৰ সময়ত দুয়োজনে গৃহ মন্ত্ৰী শ্বাহৰ সৈতে ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ আলোচনাত মিলিত হয় ৷
উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনঃ আইনজ্ঞৰ পৰামৰ্শ বিচাৰিব দিছপুৰে

অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ উদ্দেশ্যে কেন্দ্ৰই গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনক লৈ অসম চৰকাৰে আইনজ্ঞৰ পৰিমৰ্শ বিচাৰিব৷ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৷ এই সাক্ষাতৰ সময়ত দুয়োজনে গৃহ মন্ত্ৰী শ্বাহৰ সৈতে ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ আলোচনাত মিলিত হয় ৷ আলোচনা ঘাইকৈ উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন, বি টি আৰ চুক্তি, ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণকলৈ অনুষ্ঠিত হয় ৷

আলোচনাকালত গৃহ মন্ত্ৰী শ্বাহে এই বিষয়সমূহ নিষ্পত্তিৰ আশ্বাস দিয়ে বুলি সূত্ৰই জনায় ৷ মুখ্যমন্ত্ৰী সোণোৱালেও পাছত কয় যে গৃহ মন্ত্ৰী শ্বাহে ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিছে ৷ ইয়াৰ বাবে তেওঁক শ্বাহক ধন্যবাদ জনায় ৷

আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন সম্পৰ্কত আইনজ্ঞৰ পৰামৰ্শ ল'বলৈ গৃহ মন্ত্ৰী শ্বাহে নিৰ্দেশ দিছে ৷ এন আৰ চি সম্পৰ্কত তেওঁ কয় যে ৰাজ্যৰ বাংলাদেশ সীমান্তৱৰ্তী জিলাসমূহত ২০শতাংশ আৰু আন জিলাসমূহত ১০শতাংশ নমুনা পৰীক্ষাৰ বিষয়টো গৃহ মন্ত্ৰী শ্বাহৰ সৈতে আলোচনা কৰা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com