উত্তৰ পূবত উপগ্ৰহ নিৰীক্ষণ ব্যৱস্থা

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত কেন্দ্ৰীয় প্ৰকল্পত তীক্ষ্ণ চকু দিব কেন্দ্ৰই
উত্তৰ পূবত উপগ্ৰহ নিৰীক্ষণ ব্যৱস্থা

গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অন্যান্য ৰাজ্যসমূহত কেন্দ্ৰৰ প্ৰকল্পসমূহৰ কামৰ ওপৰত চকু দিব কেন্দ্ৰই । উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় প্ৰকল্পসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰই মোবাইল এপ প্ৰস্তুত কৰিছিল। এই নিৰীক্ষণ ব্যৱস্থাৰ অধীনত কেন্দ্রই কিছু প্রকল্প আনিছে৷ ইয়াৰ অধীনলৈ আৰু অধিক প্ৰকল্প আনিব। এই ব্যৱস্থা অনুসৰি উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূবৰ কেন্দ্ৰীয় প্ৰকল্পসমূহৰ উন্নয়ন তিনিটা পদ্ধতিৰে নিৰীক্ষণ কৰিব – মোবাইল এপ, উপগ্ৰহৰ দ্বাৰা সংগ্ৰহ কৰা ছবিৰে আৰু ড্ৰ'নৰ ছবিৰে। মন্ত্ৰালয়ে মহাকাশ বিভাগৰ উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনইএছএচি)ৰ সহযোগত এই প্ৰকল্প-নিৰীক্ষণ ব্যৱস্থাটো প্ৰস্তুত কৰিছে। কেন্দ্ৰীয় বাজেট, ২০২২-২৩ত উল্লেখ কৰা অনুসৰি ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা অনুসৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন প্ৰকল্পৰ বাবে মন্ত্ৰালয়ে ১৫০০ কোটি টকা অনুমোদন কৰিব। সূত্ৰ অনুসৰি পিএম-ডিভাইন আঁচনিৰ অন্তৰ্গত প্ৰকল্পসমূহো নিৰীক্ষণ ব্যৱস্থাৰ অধীনলৈ আহিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com