আপুনিও টইলেটত বহি ম'বাইল ব্যৱহাৰ কৰে নেকি? যদি কৰে, সাৱধান হওক, হ'ব পাৰে এই মাৰাত্মক ৰোগ

যদি আপুনি আপোনাৰ লগত শৌচাগাৰলৈ আপোনাৰ ম'বাইল লৈ যায় তেন্তে আপুনি আক্ৰান্ত হ'ব পাৰে এক মাৰাত্মক ৰোগত ।
আপুনিও টইলেটত বহি ম'বাইল ব্যৱহাৰ কৰে নেকি? যদি কৰে, সাৱধান হওক, হ'ব পাৰে এই মাৰাত্মক ৰোগ

আজিৰ দিনত ম'বাইল ফোন আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। কিছুমান এনেকুৱাও লোক আছে যিয়ে এক মিনিটৰ বাবে তেওঁলোকৰ ম'বাইল ফোনৰ পৰা আঁতৰি থাকিব নোৱাৰে। যেতিয়া ম'বাইলটো কাষত নাপাই বা কৰবাত থৈ পাহৰি যায় তেতিয়া তেওঁলোক অস্থিৰ হৈ পৰে। আনকি কিছুমান লোকৰ শৌচাগাৰত বহি ফোন ব্যৱহাৰ কৰাৰ অভ্যাস আছে, কিন্তু এই অভ্যাস অতি বিপদজনক। ই আপোনাক অতি ৰুগীয়া কৰি তুলিব পাৰে। যদি আপুনি আপোনাৰ লগত শৌচাগাৰলৈ ম'বাইল লৈ যায় তেন্তে আপুনি এক মাৰাত্মক ৰোগত আক্ৰান্ত হ'ব পাৰে । আপুনি আৰু আপোনাৰ গোটেই পৰিয়াল বিপদজনক বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহিব পাৰে।

যদি আপুনি শৌচাগাৰলৈ ম'বাইল লৈ যায় তেন্তে আপুনি এক মাৰাত্মক ৰোগত আক্ৰান্ত হ'ব পাৰে ।

শৌচাগাৰত ম'বাইল ব্যৱহাৰ কৰিলে হেমোৰইড অৰ্থাৎ পাইলছৰ সমস্যা হ'ব পাৰে। অৱশ্যে বৃদ্ধ সকলৰ লগতে যুৱসকলৰ ক্ষেত্ৰতো পাইলছৰ সমস্যা সাধাৰণ হৈ পৰিছে। পাইলছক হেমোৰইড বুলিও কোৱা হয়। প্ৰকৃততে ইয়াৰ কাৰণ হৈছে যেতিয়া আপুনি শৌচাগাৰত ম'বাইল লৈ যায়, আপুনি দীঘলীয়া সময়ৰ বাবে কোমোডত বহি থাকে আৰু আপুনি সময়ৰ কথাও গম নাপাই কাৰণ আপুনি ম'বাইল ব্যৱহাৰ কৰাত ব্যস্ত হৈ যায়।

পাইলছ হোৱাৰ কাৰণ কি?

দৰাচলতে কিছুমান লোকে শৌচাগাৰত কোমোডত বহি তেওঁলোকৰ ম'বাইল ফোনত বাতৰি পঢ়ে। ছচিয়েল মিডিয়া ছাইট চলাই, ভিডিঅ' চাই, আৰু চেটিং কৰে। শৌচাগাৰত দীঘলীয়া সময়ৰ বাবে কোমোডত বহি থাকিলে নিম্ন মলদ্বাৰ আৰু মলদ্বাৰৰ পেশীৰ ওপৰত চাপ বৃদ্ধি হয়, যাৰ ফলত পাইলছ হোৱাৰ সম্ভাৱনা থাকে।

মাৰাত্মক বেক্টেৰিয়া ফোনত আঠা লাগি ধৰে আৰু

ইয়াৰ উপৰিও শৌচাগাৰলৈ ম'বাইল লৈ যোৱা বাবে আপুনি বেক্টেৰিয়াৰ চিকাৰ হোৱাৰ সম্ভাৱনাও থাকে। শৌচাগাৰৰ বেক্টেৰিয়াবোৰ আপোনাৰ ম'বাইলত লাগি যায়। যেতিয়া আপুনি শৌচাগাৰৰ পৰা ওলাই আহে, আপুনি আপোনাৰ হাত ধুৱে, কিন্তু আপোনাৰ ম'বাইলত লাগি থকা বেক্টেৰিয়াবোৰ আপোনাৰ হাতত পুনৰ সংলগ্ন হয়। এই বেক্টেৰিয়াবোৰে সংক্ৰমণো সৃষ্টি কৰিব পাৰে।

সেয়ে শৌচাগাৰত ম'বাইল ব্যৱহাৰ কৰাটো বন্ধ কৰক আৰু সুস্থ থাকক ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com