আৰয়ান খানৰ পৰা কংগনা-ৰণবীৰ কাপুৰলৈঃ বলিউডৰ ড্ৰাগছ আসক্ত তাৰকা

এই উজ্জ্বল পৃথিৱীখনত সংগোপনে বাস কৰে কিছু অন্ধকাৰময় ৰহস্যই।
আৰয়ান খানৰ পৰা কংগনা-ৰণবীৰ কাপুৰলৈঃ বলিউডৰ ড্ৰাগছ আসক্ত তাৰকা

বলীউডৰ জাক- জমকতাৰ আঁৰৰ পৃথিৱীখন সকলোৰে বাবে অতি গোপনীয়। এই উজ্জ্বল পৃথিৱীখনত সংগোপনে বাস কৰে কিছু অন্ধকাৰ ৰহস্যই। যাক কিছু কিছু সময়ত নিজৰ গোপনীয়তাৰ সীমা নেওচি বলীউডৰ গোপন ৰহস্য  ফাদিল কৰা দেখা যায়। ড্ৰাগছ হৈছে এই উজ্জ্বল পৃথিৱীৰ অন্যতম এক গোপন সত্য, যাৰ সংগত বহু সময়ত অপমানিত হয় এই তাৰকাসকল।

১. আৰ্য়ান খান :

শেহতীয়া ভাৱে এন চি বিয়ে  গ্ৰেপ্তাৰ কৰা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ানে যোৱা ৪বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছে। খবৰ অনুসৰি নিজৰ ডুবাই আৰু ইউ. কে. ৰ দিনৰে পৰাই আৰয়ান ড্ৰাগছ আসক্ত। বৰ্তমানে এন চি বিৰ জেৰাত আৰ্য়ানে ড্ৰাগছ সম্বন্ধীয় বহু গোপন তথ্য দাঙি ধৰিছে বুলি জানিবলৈ পোৱা গৈছে।

২. ভাৰতী সিং :

যোৱা বছৰে এন চি বিয়ে অভিনেত্ৰী ভাৰতী সিং আৰু স্বামী হৰ্শ লিম্বাচিয়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৮৬.৫ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ। বিষয়া সকলৰ আগত দুয়োয়ে গাঞ্জা সেৱন কৰাৰ কথাত মান্তি হৈছিল, আৰু সেই অনুসৰি দুয়োকে গ্ৰেপ্তাৰো কৰা হৈছিল, পিছে পৰবৰ্তী সময়ত দুয়োৰে যামিন মঞ্জুৰ কৰা হৈছিল।

৩. সঞ্জয় দত্ত :

ৰণবীৰ কাপুৰ অভিনীত ছবি "সঞ্জু"ত ডাঙি ধৰা হৈছিল অভিনেতা সঞ্জয় দত্তৰ জীৱন কালৰ এখনি প্ৰতিচ্ছবি। য'ত ড্ৰাগছ আসক্ত সঞ্জয়ৰ পৰা আৰম্ভ কৰি কাৰাগাৰত তেওঁ সন্মুখীন হোৱা সকলো দৃশ্য নিখুঁত ভাৱে ডাঙি ধৰা হৈছিল। এটি সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে প্ৰকাশ কৰিছিল যে, যেতিয়া পিতৃয়ে তেওঁক চিকিৎসাৰ বাবে আমেৰিকা লৈ গৈছিল, তাত পূৰণ কৰিবলৈ দিয়া আবেদন খনত বহুতো ধৰণৰ ড্ৰাগছৰ কথা উল্লেখিত আছিল, আৰু তাত সকলো ড্ৰাগছৰ আগত টিক লগাইছিল অভিনেতা গৰাকীয়ে। এক কথাত ক'ব গ'লে পৃথিৱীত এনে কোনো ড্ৰাগছ নাই যিটো অভিনেতা গৰাকীয়ে গ্ৰহণ কৰা নাই।

৪. কংগনা ৰাণাৱত :

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে, অভিনেত্ৰী কংগনাই নিজৰ টুইটাৰ যোগে ৰণবীৰ কাপুৰ, ৰণবীৰ সিং আদিকে ধৰি বিভিন্ন অভিনেতাক ড্ৰাগছ পৰীক্ষণৰ বাবে তেজ দিবলৈ আবেদন জনাইছিল। যাৰ পাছতেই সৃষ্টি হোৱা সাঞ্চ্যলৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে নিজৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছিল, য'ত তেওঁক সম্পূৰ্ণৰূপে ড্ৰাগছৰ নিচাত দেখিবলৈ পোৱা গৈছিল। তেওঁ কয় যে তেওঁ অভিনেত্ৰী হ'বলৈ ঘৰৰ পৰা পলাই আহিছিল আৰু সেই সময়ত তেওঁ ড্ৰাগছ সেৱনো কৰিছিল।

৫. ৰণবীৰ কাপুৰ :

এটি সাক্ষাৎকাৰত অভিনেতা ৰণবীৰ কাপুৰে ড্ৰাগছ সেৱন কৰা কথা প্ৰকাশ কৰে। তেওঁ কয়, যে "ৰকষ্টাৰ" ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁ মাৰিজোৱানা সেৱন কৰিছিল, কাৰণ অনিচ্ছাকৃত ভাৱে দৰ্শকৰ অভিনয় কৰি থকাপ কণিষ্ঠ অভিনেতা সকলৰ আগত মঞ্চত উঠি গীত গোৱাৰ অভিনয় তেওঁৰ বাবে সহজ হোৱা নাছিল, আৰু সেয়ে নিজৰ অভিনয়ক প্ৰকৃত ৰূপ দিবলৈ তেওঁ ড্ৰাগছ সেৱন কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com