ক'ৰনা পজিটিভক ভ্ৰমণৰ সুযোগঃ এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমান বাতিল ডুবাইৰ

এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে দোহাই কৰ্তৃপক্ষই অহা দুই অক্টোবৰলৈকে এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানৰ চলাচল বাতিল কৰিছে ৷
ক'ৰনা পজিটিভক ভ্ৰমণৰ সুযোগঃ এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমান বাতিল ডুবাইৰ

ক'ৱিড-১৯পজিটিভ ব্যক্তিক ভ্ৰমণৰ সুযোগ দিয়াৰ অভিযোগত ডুবাইয়ে অহা দুই অক্টোবৰলৈকে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানৰ যাত্ৰা বাতিল কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ডুবাইলৈ যোৱা ক'ৱিড পজিটিভ ব্যক্তিয়ে যাত্ৰা কৰে৷ ডুবাই কৰ্তৃপক্ষই বান্ধি দিয়া নিয়মানুসৰি এজন যাত্ৰীৰ ক'ৱিড নিগেটিভৰ প্ৰমাণপত্ৰ থাকিব লাগিব ৷

এই পৰীক্ষা(আৰ টি-পি চি আৰ) যাত্ৰাৰ ৯৬ঘণ্টাৰ পূৰ্বে কৰা হ'ব লাগিব ৷ কিন্তু অভিযোগ অনুসৰি যোৱা ৪ ছেপ্টেম্বৰত জয়পুৰ-ডুবাই বিমানত এজন ক'ৱিড পজিটিভ ব্যক্তিয়ে যাত্ৰা কৰে৷ এই ব্যক্তিজনৰ দুই ছেপ্টেম্বৰত ক'ৱিড-১৯পজিটিভৰ প্ৰমাণপত্ৰ আছিল ৷ এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে দোহাই কৰ্তৃপক্ষই অহা দুই অক্টোবৰলৈকে ডুবাইলৈ এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানৰ চলাচল বাতিল কৰিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com