ক'ৰ'নাৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল আৰ্থিক পৰামৰ্শদাতা সমিতিৰ

এই আৰ্থিক পৰামৰ্শদাতা সমিতিয়ে আগবঢ়োৱা পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে এখন ৰাজ্যিক সমিতি গঠন কৰিছে
ক'ৰ'নাৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল আৰ্থিক পৰামৰ্শদাতা সমিতিৰ

ক'ৰ'নাৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল আৰ্থিক পৰামৰ্শদাতা সমিতিৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষিত ল'ক-ডাউনৰ ফলত যি আৰ্থিক ক্ষতি হ'ল, সেই ক্ষতিপূৰণ তথা ৰাজ্যৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰা অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিয়ে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰতিবেদন দাখিল কৰে ৷ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত গঠিত আঠজনীয়া এই আৰ্থিক পৰামৰ্শদাতা সমিতিয়ে মুখ্যমন্ত্ৰী সোণোৱালক গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথিশালাত এই প্ৰতিবেদন দাখিল কৰে ৷ এই উপলক্ষে আয়োজিত সভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে ৷ সভাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই আৰ্থিক উপদেষ্টা সমিতিয়ে ২০দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সংকল্পবদ্ধ হৈছিল। "আজি সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে আৰু মই বিশ্বাস কৰো যে আমি প্ৰগতিৰ দিশত অগ্ৰসৰ হ'বলৈ সক্ষম হ'ম ৷" তেওঁ লগতে কয় যে এই আৰ্থিক পৰামৰ্শদাতা সমিতিয়ে আগবঢ়োৱা পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে এখন ৰাজ্যিক সমিতি গঠন কৰিছে ৷ "এই ৰাজ্যিক সমিতিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰিব ৷ এই সমিতিত মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰীও আছে ৷ এই তিনিগৰাকী মন্ত্ৰী সমিতিখনৰ প্ৰতিবেদন অধ্যয়ন কৰিব আৰু ৰূপায়নৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিব, "সোণোৱালে এইদৰে কয় ৷ আনহাতে, বিত্ত মন্ত্ৰী শৰ্মাই কয় যে কৃষি আৰু দক্ষতা উন্নয়নৰ দৰে মূল তথা গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ পুনৰুত্থানৰ চেষ্টা কৰা হ'ব ৷ ইপিনে, চৰকাৰী ব্যয় হ্ৰাসৰ উদ্দেশ্যে আনুষ্ঠানিক কোৱাৰেণ্টিনত ১৪দিনৰ পৰিৱৰ্তে বহিঃৰাজ্যৰ পৰা অহা একোজন ব্যক্তিক ৪ দিন ৰখাৰ আঁচনি লৈছে চৰকাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com