আৰু এক ইতিহাস সৃষ্টি অসমৰ কৃতী ক্ৰীডা়বিদ এলভিছ আলী হাজৰিকাৰ

এই ইতিহাস সৃষ্টি সম্পৰ্কত তেওঁ কয়, " এই সাতোঁৰ অত্যন্ত প্ৰত্যাহ্বানজনক আছিল। কাৰণ পানী ডাঙৰ ডাঙৰ মাছেৰে ভৰি থকা আছিল।
আৰু এক ইতিহাস সৃষ্টি অসমৰ কৃতী ক্ৰীডা়বিদ এলভিছ আলী হাজৰিকাৰ

অসম সন্তান এলভিছ আলী হাজৰিকাই আৰু এক ইতিহাস সৃষ্টি কৰিলে ৷ আৰৱ সাগৰত ধৰামতৰ জেট্টীৰ পৰা গে'টৱে অৱ ইণ্ডিয়ালৈ সাতোঁৰা প্ৰথমজন অসমীয়াত পৰিণত হৈছে অসমৰ কৃতী সন্তানজন ৷ ২৩ নৱেম্বৰৰ পুৱতি নিশা ১ বজাত তেওঁ এই সাতোঁৰ আৰম্ভ কৰে আৰু ১০ ঘণ্টা সাতুঁৰি ৩৮ কিলোমিটাৰত সাতোঁৰ সম্পূৰ্ণ কৰে ৷

এই ১০ ঘণ্টা সময়ত তেওঁ আৰৱ সাগৰৰ ধৰামতৰ জেট্টীৰ পৰা গে'টৱে অৱ ইণ্ডিয়ালৈ যাত্ৰা সম্পূৰ্ণ কৰে।  এই ইতিহাস সৃষ্টি সম্পৰ্কত তেওঁ কয়, " এই সাতোঁৰ অত্যন্ত প্ৰত্যাহ্বানজনক আছিল। কাৰণ সাতোঁৰৰ পথটো ডাঙৰ ডাঙৰ মাছেৰে ভৰি থকা। তদুপৰি নিশা সাতোঁৰাৰ বাবে পোহৰৰ সমস্যাও আছিল।'' তেওঁৰ লগতে অসমৰ মানুহৰো এটা সপোন পূৰণ হল বুলি হাজৰিকাই মন্তব্য কৰে। 

ইয়াৰ পূৰ্বে হাজৰিকাই ইংলিছ চেনেলো সাতোঁৰে।  ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইংলিছ চেনেলৰ তেওঁ ২৯ কিলোমিটাৰ সাতোঁৰে। এনে কৃতিত্বৰ অধিকাৰী তেওঁ প্ৰথমজন অসমীয়া। তদুপৰি তেওঁ বিভিন্ন সাতোঁৰ প্ৰতিযোগিতাত ৬৮ টা ৰাষ্ট্ৰীয় আৰু ৬ টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদকো জয় কৰিছে। 
উল্লেখ্য যে মাথোঁ ৯ বছৰ বয়সতে ১৯৯১ত এচিয়া পেচিফিক সাতোঁৰ প্ৰতিযোগিতাত হাজৰিকাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com