চিৰাঙৰ বিজনীত আচহুৱা ঘটনাঃ দুষ্প্ৰাপ্য সোণালী বান্দৰ উদ্ধাৰ

আমগুৰী কল'নিৰ বাসিন্দাসকলে আগতে কেতিয়াও সোণালী বান্দৰ দেখা নাই ।
চিৰাঙৰ বিজনীত আচহুৱা ঘটনাঃ দুষ্প্ৰাপ্য সোণালী বান্দৰ উদ্ধাৰ
Published on

চিৰাঙৰ বিজনীত আচহুৱা ঘটনাঃ দুষ্প্ৰাপ্য সোণালী বান্দৰ উদ্ধাৰ

চিৰাঙৰ বিজনী নগৰৰ আমগুৰি কলনীত আজি উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য সোণালী বান্দৰ। বিজনী নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ আমগুৰী কল'নিৰ এঘৰৰ বাৰীত উদ্ধাৰ কৰা হৈছে সোণালী বান্দৰটো। উল্লেখ্য যে বিজনী নগৰত কোনোদিনে দুষ্প্ৰাপ্য সোণালী বান্দৰ পৰিলক্ষিতত নাছিল। গতিকে ঘটনাটো আচহুৱা বুলি চৰ্চা হৈছে। আজি বিজনী নগৰলৈ কেনেকৈ বান্দৰটো আহিল, সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে বন বিভাগক খবৰ দিয়া হৈছে। স্থানীয় লোকে কয় যে আমগুৰী কল'নিৰ বাসিন্দাসকলে আগতে কেতিয়াও সোণালী বান্দৰ দেখা নাই । কিশোৰ ব্ৰহ্মৰ ঘৰৰ পিছফালৰ বাৰীত বান্দৰটো প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় লোকে। পাছত বান্দৰটো চাবলৈ বহু লোকে ভিৰ কৰে। বান্দৰটোক লৈ শিশুৰ পৰা বৃদ্ধলৈকে বহুতৰে মনত কৌতুহলৰো সৃষ্টি হয়। উল্লেখ্য যে অসমৰ কেতবোৰ বনাঞ্চল আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত সোণালী বান্দৰ পোৱা যায়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com