গগৈলৈ পৰিয়াল, আত্মীয়-স্বজনৰ শেষ শ্ৰদ্ধা জ্ঞাপন

পত্নী ডলী গগৈসহ পৰিয়াল আৰু আত্মীয়-স্বজনে আজি বিধায়ক আৱাসত নশ্বৰদেহত শেষ শ্ৰদ্ধা জনায়।
গগৈলৈ পৰিয়াল, আত্মীয়-স্বজনৰ শেষ শ্ৰদ্ধা জ্ঞাপন
Published on

পৰিয়াল তথা আত্মীয়-স্বজনে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শেষ শ্ৰদ্ধা জনায়। কালি সন্ধিয়া দেহাৱসান ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আজি পুৱা নশ্বৰদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা দিছপুৰস্থিত বিধায়ক আৱাসলৈ অনা হয়। তাতে নশ্বৰদেহত তেওঁৰ পৰিয়াল তথা আত্মীয়-স্বজনে নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায়।

ইতিমধ্যে দল-মত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দলৰ নেতায়ো সদ্যপ্ৰয়াত প্ৰবীণ ৰাজনীতিগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাইছে। পত্নী ডলী গগৈসহ পৰিয়াল আৰু আত্মীয়-স্বজনে আজি বিধায়ক আৱাসত নশ্বৰদেহত শেষ শ্ৰদ্ধা জনায়।

উল্লেখ্য যে আনহাতে, আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

নশ্বৰদেহ পোনে পোনে নিয়া হ'ব গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে জনতা ভৱনলৈ অনা হ'ব নশ্বৰ দেহ।

তাত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনাব। পাছত নশ্বৰ দেহ নিয়া হ'ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে।

বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰ দেহ।

আজি নিশা আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com