অসমৰ বানাক্ৰান্তৰ বাবে বি টি এছ গ্ৰুপৰ অনুৰাগীৰ ৫ লাখৰ বৰঙণি সংগ্ৰহ

সম্প্ৰতি ভাৱনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত। তেওঁ অৰ্থনীতিৰ স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি আছে।
অসমৰ বানাক্ৰান্তৰ বাবে বি টি এছ গ্ৰুপৰ অনুৰাগীৰ ৫ লাখৰ বৰঙণি সংগ্ৰহ

মানৱতাৰ প্ৰকৃষ্ট নিদৰ্শন দাঙি ধৰিছে দক্ষিণ কোৰিয়াৰ এটা সংগীত গ্ৰুপৰ অসমৰ অনুৰাগীসকলে। বি টি এছ নামৰ সংগীত গ্ৰুপটোৰ অনুৰাগীসকলে অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে পাঁচ লক্ষাধিক টকাৰ বৰঙণি সংগ্ৰহ কৰিছে। ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই এই অনৰাগীসকলে বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ বাবে ৫ লক্ষাধিক টকা সংগ্ৰহ কৰিছে। বি টি এছ গ্ৰুপৰ এই অনুৰাগীসকলক বি টি এছ আৰ্মীৰূপে জনা যায়। এই গ্ৰুপে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই এদিনতে অনলাইনয়োগে পাঁচ লক্ষাধিক টকা সংগ্হ কৰিবলৈ সক্ষম হৈছে। এনেদৰে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহত মূল ভূমিকা পালন কৰে ভাৱনা বৰ্মণ নামৰ ২৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে।

সম্প্ৰতি ভাৱনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত। তেওঁ অৰ্থনীতিৰ স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি আছে। এনেদৰে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহৰ মূল ৰূপকাৰ হৈছে ভাৱনা। বানাক্ৰান্তলৈ সাহায্য আগবঢো়ৱা বিদিশা হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়ে দ্য ছেণ্টিনেল ডিজিটেলক কয় যে এনেদৰে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহত সহায় কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিছে বহুসংখ্যক যুৱক-যুৱতী।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com