"পিএম নৰেন্দ্ৰ মোদী" ছবি খনে ৭ দিনত ১৯.২১ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে

"পিএম নৰেন্দ্ৰ মোদী" ছবি খনে ৭ দিনত ১৯.২১ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে
Published on

বহুতো বিতৰ্কৰ পাছত 'পিএম মোদী' ছবি খন ২৪ মেত মুক্তি লাভ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনে লোকসভা নিৰ্বাচনৰ বাবে মুক্তিৰ দিন বহুবাৰ সলনি কৰিব লগা হৈছিল । ছবি খন মুক্তি লাভ কৰাৰ এসপ্তাহত ১৯.২১ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

পিএম নৰেন্দ্ৰ মোদী' ছবি খন মুক্তিৰ দিনায়ে ২.৮৮ কোটি উপাৰ্জন কৰে । কিন্তু ধাৰনা কৰাতকৈ বক্স অফিচত খলকনি তুলিবলৈ সক্ষম হৈছে ।

সোমবাৰে পিএম নৰেন্দ্ৰ মোদী ছবি খনে ২.৪১ কোটি উপাৰ্জন কৰে ।মংগলবাৰে ২.০২ কোটি উপাৰ্জন কৰে। বুধবাৰে ১.৭১ কোটি উপাৰ্জন কৰাৰ লগতে বৃহস্পতি বাৰে ১.৩১ কোটি উপাৰ্জন কৰে । এক সপ্তাহত পিএম নৰেন্দ্ৰ মোদীৰ মুঠ সংগ্ৰহ হৈছে ১৯.২১ কোটি ।

এই ছবি খন মুক্তিৰ ক্ষেত্ৰত বহুতো বিৰোধী দলে নিৰ্বাচনৰ সময়ত ছবি মুক্তিৰ বিৰোধিতা কৰি এই ছবি খনে নিৰ্বাচনৰ সময়ত জনমানসত যথেষ্ট প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰিছিল । নিৰ্বাচনৰ মাজত ছবি খন মুক্তি দিলে বিজেপিৰ বাবে যথেষ্ট সহায়ক হব বুলি প্ৰকাশ কৰিছিল বিৰোধীয়ে । এই অভিযোগৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে ছবি খন মুক্তি স্থগিত ৰাখে।

নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বিবেক অবৰয়ে। উমংগ কুমাৰৰ দ্বাৰা পৰিচালিত ছবি খনৰ মুক্তিৰ ক্ষেত্ৰত বহু বাৰ দিন সলনি কৰা পৰিলক্ষিত হৈছিল ।ছবিখনত বিবেক অবৰয়ৰ লগতে মনোজ জুচী, ৰাজেন্দ্ৰ গুপ্তা, জাৰিনা ৱাহাব আৰু বৰ্খা বিষ্ট চেনগুন্তাই অভিনয় কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com