চাহ শ্ৰমিকক শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ বেংকসমূহক নিৰ্দেশ সীতাৰমণৰ

চাহ শ্ৰমিকক শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ বেংকসমূহক নিৰ্দেশ সীতাৰমণৰ

চাহ শ্ৰমিকক শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ বেংকসমূহক নিৰ্দেশ সীতাৰমণৰ । অসমৰ চাহ শ্ৰমিকসকলক শ্ৰেষ্ঠতম সেৱা আগবঢ়াবলৈ ৰাজহুৱা খণ্ডৰ বেংকসমূহলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৃহস্পতিবাৰে একাধিক কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত হোৱা বিত্তমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলক একাউণ্টযোগে বিভিন্ন সুবিধা বাধাহীনভাবে পোৱাকৈ আগবঢ়াবলৈ ৰাজহুৱা খণ্ডৰ বেংকসমূহক নিৰ্দেশ দিয়ে। তদুপৰি বেংকসমূহক সম্ভাৱ্য সকলো শ্ৰেষ্ঠতম সেৱা চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীয় লোকক আগবঢ়াবলৈও বিত্তমন্ত্ৰী সীতাৰমণে নিৰ্দেশ দিছে। গুৱাহাটীত এখন সংবাদ মেলত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বহু চাহ শ্ৰমিকৰ বেংক একাউণ্টসমূহ বিভিন্ন কাৰণত বৰ্তমানে কাৰ্যক্ষম হৈ থকা নাই।এই অসুবিধাসমূহ অহা ১৫ মাৰ্চৰ ভিতৰত দূৰ কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে বুলি সীতাৰমণে সদৰী কৰে। উপযুক্ত নথি-পত্ৰৰ অভাৱৰ বাবে যাতে চাহ শ্ৰমিকসকল বেংকৰ একাউণ্ট খোলা তথা আন বেংকীয় সেৱাৰ পৰা বঞ্চিত হ’বলগা নহয়, তাৰ ব্যৱস্থা কৰিবলৈ বেংকসমূহলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। সংবাদমেলত সীতাৰমণে লগতে কয় যে অসমত অধিক শীতল ভঁৰাল স্থাপন কৰাটো হৈছে মোদী চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়। শিৱসাগৰক দেশৰ অন্যতম আকৰ্ষণীয় পুৰাতাত্বিক ক্ষেত্ৰৰূপে গঢি তোলাৰ লক্ষ্য কেন্দ্ৰই লোৱাৰ কথা তেওঁ উল্লেখ কৰে। খানাপাৰাস্থিত পশুচিকিত্সা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ আয়োজিত উত্তৰ-পূবৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিকৰণ পদক্ষেপ মুকলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “ চকুত লগাধৰণে চাহ জনগোষ্ঠীয় লোকে বাস কৰা অঞ্চলসমূহত অসম চৰকাৰে ১৭টা এ টি এম স্থাপন কৰিব। এই এ টি এমসমূহ যাতে অসুবিধা-সমস্যা নোহোৱা কৰি সক্ৰিয় কৰি ৰাখিব পাৰি তাৰ বাবে ৰাজ্য চৰকাৰে নেটৱৰ্ক প্ৰভাইডাৰসমূহৰ আৰু বেংকসমূহৰ সৈতে আলোচনা কৰিব”। তেওঁ লগতে কয় যে দুৰ্গম অঞ্চলসমূহত নগদ ধনৰ যোগান পৰ্যাপ্ত কৰি তোলাৰ লক্ষ্যৰে অসমত বেংক মিত্ৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব। আনহাতে, দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৱলীয়ে বিদেশী বিনিয়োগকাৰীক নিৰুত্সাহিত কৰা নাই বুলি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী সীতাৰমণে মন্তব্য কৰে। তেওঁ কয় যে ছৌদি আৰৱৰ বহু বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ইপিনে, সংবাদমেলত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চাহ শ্ৰমিকসকলক মজুৰি আৰু অন্যান্য আৰ্থিক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে ভাৰতীয় ষ্টেট বেংকৰ সহযোগত চাহ শ্ৰমিকসকলৰ আঠ লাখ বেংক একাউণ্ট মুকলি কৰিছে। অৱশ্যে কে ৱাই চি আপডেট নকৰাৰ বাবে এই একাউণ্টসমূহৰ ৩০ শতাংশ অৰ্থাত্ ২.৫ লাখ বৰ্তমানে সক্ৰিয় অৱস্থাত নাই বুলি মন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Police Jawan killed, another injured in Road Accident in Makum

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com