সাম্প্ৰতিক বানত ৰাজ্যৰ পাঁচ জিলাত ৫৯হেজাৰ লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক এই বানত লখিমপুৰ, নগাঁও, হোজাই , গোৱালপাৰা আৰু কাচাৰ জিলাৰ ৯২গাঁও বুৰ যায়।
সাম্প্ৰতিক বানত ৰাজ্যৰ পাঁচ জিলাত ৫৯হেজাৰ লোক ক্ষতিগ্ৰস্ত
Published on

সাম্প্ৰতিক বানত ৰাজ্যৰ পাঁচ জিলাত ৫৯হেজাৰ লোক ক্ষতিগ্ৰস্ত

বাৰিষাৰ আৰম্ভণীতে হোৱা শেহতীয়া বানত ৰাজ্যৰ পাঁচখন জিলাত ৫৯হেজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। চৰকাৰী তথ্য অনুসৰি সাম্প্ৰতিক এই বানত লখিমপুৰ, নগাঁও, হোজাই , গোৱালপাৰা আৰু কাচাৰ জিলাৰ ৯২গাঁও বুৰ যায়। এই বানত এই গাঁওসমূহৰ ৫৯, ১৪৫জন লোক ক্ষতিগ্ৰস্ত হয়। ইয়াৰ অধিকাংশ অৰ্থাৎ ৪৪,৬৫২জন ব্যক্তি গোৱালপাৰা জিলাৰ। আনহাতে, হোজাই জিলাত বৰ্তমানেও ১৩, ১২৯জন লোকে বানজনিত প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজ-বাগৰ কৰি আছে ৷

অবশ্যে বহু ঠাইত বানৰ পানী শুকুৱাত আশ্ৰয় শিবিৰত থকা বহু লোক ঘৰমুৱা হৈছে ৷ ফলত অস্থায়ী আশ্ৰয় শিবিৰৰ সংখ্যা ১, ৫৪০টালৈ হ্ৰাস পাইছে ৷ ইপিনে, সাম্প্ৰতিক বানত ৰাজ্যৰ বিভিন্ন জিলাত ১০জন ব্যক্তিয়ে প্ৰাণ হেৰুৱায় ৷ তদুপৰি এই বানত আন্তঃগাঁথনিৰ প্ৰচুৰ ক্ষতিসাধন হয় ।এই বানত নগাঁও জিলাত ২৯৬টা গৃহ সম্পূৰ্ণৰূপে ধ্বংস হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com