ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতিঃ আশ্ৰয় শিবিৰৰ পৰা অধিকাংশই ঘৰলৈ

ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতিঃ আশ্ৰয় শিবিৰৰ পৰা অধিকাংশই ঘৰলৈ

বাৰিষাৰ আৰম্ভণীতে হোৱা বছৰটোৰ এই প্ৰথমটো বানৰ প্ৰথমকেইদিনত কে’বা হেজাৰ লোক আশ্ৰয় শিবিৰত ভৰ্তি হৈছিল ৷

ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতিঃ আশ্ৰয় শিবিৰৰ পৰা অধিকাংশই ঘৰলৈ

বৰষুণ হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতি ঘটিছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি অস্থায়ী আশ্ৰয় শিবিৰত ভৰ্তি হোৱা অধিকালশ লোকেই নিজ নিজ ঘৰলৈ উভতি গৈছে। সম্প্ৰতি ৭টা অস্থায়ী শিবিৰত ৯৯৭জন লোকহে আছে। অৱশ্যে বৰ্তমানেও লখিমপুৰ আৰু গোৱালপাৰা জিলাৰ ৯খন গাঁৱৰ ১১,৩২২জন লোক আক্ৰান্ত হৈয়ে আছে ৷ বাৰিষাৰ আৰম্ভণীতে হোৱা বছৰটোৰ এই প্ৰথমটো বানৰ প্ৰথমকেইদিনত কে'বা হেজাৰ লোক আশ্ৰয় শিবিৰত ভৰ্তি হৈছিল ৷ শেহতীয়া তথ্য অনুসৰি বানাক্ৰান্ত অঞ্চলসমূহত খেতি-পথাৰৰ পৰাও বানৰ পানী শুকাবলৈ ধৰিছে ৷ ই এক ইতিবাচক লক্ষণৰূপে চিহ্নিত হৈছে ৷

উল্লেখ্য যে বাৰিষাৰ আৰম্ভণীতে হোৱা বছৰটোৰ এই প্ৰথম বানত ১০জন লোকৰ মৃত্যু হয় ৷ তদুপৰি এই বানত আন্তঃগাঁথনিৰো বৃহৎ ক্ষতিসাধন ঘটে ৷ ডিব্ৰুগড়ত মথাউৰিৰ, কৰিমগঞ্জ জিলাত তিনিটা পথৰ আৰু বাগসা জিলাত এখন দলঙৰ ক্ষতিসাধন হয় ৷ তদুপৰি ডিব্ৰুগড়ৰ এক অঞ্চল খহনীয়াৰ কবলত পৰিছে। এই খহনীয়াত ৫১০জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com