
দুৰ্নীতিৰে এশ কোটি টকাৰ সা-সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছাইবুৰ ৰহমানক আদালতে জামিন দিছে ৷ যোৱা আগষ্টত তেওঁক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে ৷ নিয়মানুসৰি ৯০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিলত তদন্তকাৰী আৰক্ষী ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ জামিন পায়।
উল্লেখ্য যে দুৰ্নীতিত অভিযুক্ত বিষয়াজনক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰজী কলিতাৰ মতে, অভিযোগনামা দাখিলৰ বাবে থকা ৯০ দিনৰ সময় শেষ হোৱা নাই। কাৰণ তেওঁক ২৪ আগষ্টতহে তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।ৰহমানৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ (সংশোধনী) আইন, ২০১৮ প্ৰয়োগ কৰা হৈছে।
ৰহমানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি তেওঁ ধুবুৰীত অতিৰিক্ত উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অবৈধভাবে আৰু জালিয়াতিৰে বৃহত পৰিমাণৰ ভূ-সম্পত্তি আহৰণ কৰে। তেওঁৰ সৈতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সম্পৰ্ক আছে। ৰহমানৰ দ্বিতীয় পত্নী মীনাক্ষা ৰহমানে বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰূপে সৰুক্ষেত্ৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে।