অগণনৰ অশ্ৰুৰ মাজত গগৈৰ শেষ যাত্ৰা

গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
অগণনৰ অশ্ৰুৰ মাজত গগৈৰ শেষ যাত্ৰা
Published on: 

অগনন লোকক শোকৰ সাগৰত ডুবাই অনন্তধামলৈ যাত্ৰা কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি অন্তিম যাত্ৰা আৰম্ভ হয়। একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী গগৈৰ কালি বিয়লি দেহাৱসান ঘটে। আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

নশ্বৰদেহ পোনে পোনে নিয়া হ'ব গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে জনতা ভৱনলৈ অনা হ'ব নশ্বৰ দেহ।

তাত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনাব। পাছত নশ্বৰ দেহ নিয়া হ'ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে।

বিয়লি  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰ দেহ।

আজি নিশা আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com