মৰণোত্তৰভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম বিভূষণ বঁটা প্ৰদান

আনহাতে, প্ৰাক্তন বৈদেশিক মন্ত্ৰী প্ৰয়াত সুযমা স্বৰাজকো নিজৰ কৰ্মদক্ষতাৰ হেতু বিভূষিত কৰা হয় একেই সন্মানেৰে।
মৰণোত্তৰভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম বিভূষণ বঁটা প্ৰদান

ৰাজহুৱা বিষয়ত অৱদানৰ স্বীকৃতিস্বৰূপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা তৰুণ গগৈক বিভূষিত কৰা হ'ল সন্মানীয় পদ্ম বিভূষণ বঁটাৰে।

আনহাতে, প্ৰাক্তন বৈদেশিক মন্ত্ৰী প্ৰয়াত সুযমা স্বৰাজকো নিজৰ কৰ্মদক্ষতাৰ হেতু বিভূষিত কৰা হয় একেই সন্মানেৰে।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে  ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। আৰু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ হকে এই বঁটা গ্ৰহণ কৰে তেওঁৰ কন্যা বান্সুৰী স্বৰাজে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৰাষ্ট্ৰপতিগৰাকীৰ লগতে উপস্থিত থাকে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক  মন্ত্ৰী এছ. জয়শংকৰ আদি।

ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত অসমৰ আন লোকক সন্মানিত কৰা হয় সন্মানীয় পদ্মশ্ৰী বঁটাৰে।

অসমৰ এই ব্যক্তিসকল হৈছে : লখিমী বৰুৱা (সামাজিক কৰ্ম), বিজয়া চক্ৰৱৰ্তী (ৰাজহুৱা বিষয়), মঙ্গল সিং হাজোৱাৰী (সাহিত্য আৰু শিক্ষা), দুলাল মা (কলা), বীৰুবালা ৰাভা (সামাজিক কৰ্ম), ৰমেন শৰ্মা (সাহিত্য আৰু শিক্ষা - সংবাদ), আৰু ইমৰান শ্বাহ ( সাহিত্য আৰু শিক্ষা) ।

উল্লেখযোগ্য যে এই বছৰৰ ২৯গৰাকী বঁটা বিজয়ী মহিলা, ১৬গৰাকী মৃতক আৰু ০১গৰাকী সমলিংগিক। এই বছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যুটীয়া বঁটাৰ বাবে সমৰ্থন প্ৰদান কৰিছে। যুটীয়া বিভাগত প্ৰদান কৰা এই বঁটাক ১টা বঁটা হিচাপে গণ্য কৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com