তলাবন্ধই অসমক বহু পিছুৱাই নিলেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ

তলাবন্ধই অসমক বহু পিছুৱাই নিলেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ বাবে দায়ী কেৱল মোদী চৰকাৰ।
Published on

সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধই অসমক বহু পিছুৱাই নিলে বুলি অভিযোগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । বুধবাৰে সাংবাদিকৰ আগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ বাবে দায়ী কেৱল মোদী চৰকাৰ। পেট্ৰ'ল–ডিজেলৰ মূল্যবৃদ্ধি আৰু গুৱাহাটীৰ লকডাউনৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে বিৰোধিতা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে। এই লক ডাউনে অসমক বহু পিছুৱাই লৈ গ'ল বুলি ক্ষোভ প্ৰকাশ কৰে গগৈয়ে। আনহাতে, মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ সময়ত চীন সন্দৰ্ভত একো মন্তব্য নকৰাটো দেশবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে গগৈয়ে। গগৈৰ মতে, চীন সম্পৰ্কত ভাৰতৰ স্থিতি স্পষ্ট কৰিব লাগিছিল প্ৰধানমন্ত্ৰীয়ে।

বুধবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি এনেদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শাসনাধিষ্ঠিত বিজেপি দলক কটু ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে। বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি যেনেদৰে শেষ কৰি পেলালে তেনেদৰে 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com