ক'ৰ'নাত আক্ৰান্ত হ'ল প্ৰাক্তন পাক ক্ৰিকেট কেপ্টেইন শ্বাহিদ আফ্ৰিদী

আফ্ৰিদী এনে এক সময়ত এই মহামাৰীত আক্ৰান্ত হ’ল, যি সময়ত তেওঁৰ ফাউণ্ডেচনে ক’ৰ’না আক্ৰান্ত লোকক সাহায্য যোগানৰ কাম কৰি আছে
ক'ৰ'নাত আক্ৰান্ত হ'ল প্ৰাক্তন পাক ক্ৰিকেট কেপ্টেইন শ্বাহিদ আফ্ৰিদী

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্টেইন শ্বাহিদ আফ্ৰিদী ৷ প্ৰাক্তন ক্ৰিকেট খেলুৱৈজনে এই কথা নিজেই সদৰী কৰিছে৷ এটা টুইটত আফ্ৰিদীয়ে কয়, " বৃহস্পতিবাৰৰ পৰা মই অসুস্থ অনুভৱ কৰি আছো। মোৰ শৰীৰ বৰ বিষাইছিল। মোৰ নমুনা পৰীক্ষা কৰা হয় আৰু এই নমুনা পৰীক্ষাত মই ক'ৱিড-১৯পজিটিভ হৈছো ৷ দ্ৰুত আৰোগ্যৰ বাবে মোক প্ৰাৰ্থনাৰ প্ৰয়োজন হৈছে "৷ ইয়াৰ পূৰ্বে আফ্ৰিদীৰ সতীৰ্থ ক্ৰিকেটাৰ তৌফিক ওমৰ আৰু জাফৰ ছৰফৰাজ ক'ৰ'না মহামাৰীত আক্ৰান্ত হয় ৷ উল্লেখ্য যে আফ্ৰিদী এনে এক সময়ত এই মহামাৰীত আক্ৰান্ত হ'ল, যি সময়ত তেওঁৰ ফাউণ্ডেচনে ক'ৰ'না আক্ৰান্ত লোকক সাহায্য যোগানৰ কাম কৰি আছে ৷

শ্বাহিদী আফ্ৰিদী ফাউণ্ডেচনৰ জৰিয়তে প্ৰাক্তন ক্ৰিকেটাৰজনে ক'ৰ'না আক্ৰান্তলৈ সাহায্য আগবঢ়াই আহিছে ৷ গনেদৰে তেওঁ সামাজিক কাম-কাজত মনোনিৱেশ কৰিছে ৷ তেওঁ এই ফাণ্ডেচনলৈ দান-বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাই দুই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং আৰু যুৱৰাজ সিঙক টুইট কৰিবলৈ অনুৰোধ জনাইছিল । তদুপৰি যোৱা মে'ত তেওঁ প্ৰাক্তন বাংলাদেশী উইকেটকীপাৰ মুছফিকুৰ ৰহমানৰ এখন ক্ৰিকেট বেট নিলামত ক্ৰয় কৰিছিল ।ইয়াৰ উদ্দেশ্য আছিল ক'ৱিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে পুঁজি সংগ্ৰহ কৰা ৷ আন্তঃজাতিক ক্ৰিকেট কাউঞ্চিলৰ মতে, এই বেটখন আফ্ৰিদীয়ে ২০হেজাৰ ডলাৰত ক্ৰয় কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com