দশম-দ্বাদশৰ পৰীক্ষা বাতিলৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়লৈ অসমৰ চাৰি শিক্ষাৰ্থী

এই চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দুয়োটা পৰীক্ষা বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে ।
দশম-দ্বাদশৰ পৰীক্ষা বাতিলৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়লৈ অসমৰ চাৰি শিক্ষাৰ্থী
Published on

ক'ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ দশম আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিলৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসমৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী। প্ৰাপ্ত তথ্য অনুসৰি চাজিন আখতাৰ, তবছুম ৰহমান, জুপিতৰা বৰদলৈ আৰু ইপ্সিতা গগৈ নামৰ এই চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দুয়োটা পৰীক্ষা বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে । ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিত ৰাজ্য চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাতিবলৈ লৈ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে আবেদনকাৰীকেইগৰাকীয়ে।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে ঘোষণা কৰে যদি অহা ১ জুলাইলৈ অসমত ক'ৰনাৰ সক্ৰমণৰ হাৰ ২ শতাংশলৈ হ্ৰাস পায়, তেন্তে জুলাইৰ ১৫ৰ পৰা ২০তাৰিখৰ ভিতৰত দুটা বা তিনিটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব । ছাত্ৰৰ কাৰণে পৃথক আৰু ছাত্ৰীৰ কাৰণে পৃথক স্থানত পৰীক্ষা পতাৰো পোষএই চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দুয়োটা পৰীক্ষা বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে । ১৭ জুনত অসমৰ এই শিক্ষাৰ্থীকেইগৰাকীৰ আবেদনৰ শুনানী উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com