চীনৰে শত্ৰ্ৰুতা বৃদ্ধিৰ সময়তে ভাৰতলৈ ৰাফেল যুঁজাৰু বিমান

ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি ভাৰতলৈ অনা হৈছে পাঁচখন এই শ্ৰেণীৰ যুদ্ধ বিমান।
চীনৰে শত্ৰ্ৰুতা বৃদ্ধিৰ সময়তে ভাৰতলৈ ৰাফেল যুঁজাৰু বিমান

অনেক বাদানুবাদ, বিতৰ্কৰ অন্তত ফ্ৰান্সৰ পৰা ভাৰত পাবহি বহু চৰ্চিত ৰাফেল যুঁজাৰু বিমান। প্ৰাপ্ত তথ্য অনুসৰি ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি ভাৰতলৈ অনা হৈছে পাঁচখন এই শ্ৰেণীৰ যুদ্ধ বিমান। নিঃসন্দেহে ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰি তুলিব এই যুদ্ধ বিমানে। চৰকাৰী তথ্য অনুসৰি এই যুদ্ধ বিমানসমূহ ৰখা হ'ব আম্বালা এয়াৰবেছত। লক্ষ্যণীয় যে চীনৰ সৈতে শত্ৰুতা বৃদ্ধিৰ সময়তে ভাৰতীয় বায়ু সেনাই লাভ কৰিব ৰাফেল যুঁজাৰু বিমান।

২০১৬ত মোদী চৰকাৰে ৩৬ খন ৰাফেল বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। পূৰ্বৰ ইউ পি এ চৰকাৰেও ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰে চুক্তি স্বাক্ষৰ কৰিছিল। এই যুদ্ধ বিমানসমূহ অহাক লৈ আম্বালা এয়াৰবেছৰ নিৰাপত্তা অত্যন্ত কঠোৰ কৰি তোলা হৈছে। এয়াৰবেছৰ পৰা ৩ কিলোমিটাৰ অঞ্চলত ড্ৰোণ জ'ন ঘোষণা কৰা হৈছে। অৰ্থাৎ এই অঞ্চলত আকাশীপথত কোনো ধৰণৰ নজৰ দিব নোৱাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com