বিদেশী ন্যায়াধিকৰণৰ সদস্যক শীঘ্ৰে নিয়মীয়া নিযুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

চলিত বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহৰ দৰমহা আৰু অন্যান্য ভাট্টা আঠ জুনৰ ভিতৰত আদায় দিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিছে।
বিদেশী ন্যায়াধিকৰণৰ সদস্যক শীঘ্ৰে নিয়মীয়া নিযুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Published on

বিদেশী ন্যায়াধিকৰণৰ সদস্যক শীঘ্ৰে নিয়মীয়া নিযুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নৱ-নিযুক্ত বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলক যিমান সম্ভব হয়, সিমান শীঘ্ৰে নিয়মীয়া নিযুক্তি দিবলৈ অসম চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ এই নিৰ্দেশ জাৰি কৰি ন্যাযাধীশ সুমন শ্যামৰ বিচাৰপীঠে কয়, " যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে বিদেশী ন্যায়াধিকৰণসমূহৰ নৱ-নিযুক্ত সদস্যবৰ্গক নিয়মীয়া নিযুক্তি প্ৰদান কৰাটো প্ৰয়োজন হৈ উঠিছে"। এই সদস্যসকলক( অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াসকলৰ যিকলে সদস্যৰূপে লাভ কৰিছে, তেওঁলোকক বাদ দি) চলিত বৰ্ষৰ এপ্ৰিল আৰু মে' মাহৰ দৰমহা আৰু অন্যান্য ভাট্টা আঠ জুনৰ ভিতৰত আদায় দিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিছে। ১৭৫৪/২০১৫ নম্বৰৰ এখন লেখ আবেদনৰ শুনানী গ্ৰহণ কৰি বিচাৰপীঠখনে লগতে মহা গাণনিকক অৱগত কৰি এই সদস্যবৰ্গক দৰমহা আদায় দিবলৈ চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে। বিচাৰপীঠে লগতে কয়, " ২০১৯ত অসম চৰকাৰে অতি কমেও বিদেশী ন্যায়াধিকৰণৰ ২২১ সদস্য নিযুক্তি দিয়ে। এইসকল সদস্যক নতুনকৈ স্থাপিত বিদেশী ন্যায়াধিকৰণসমূহ বাবে নিযুক্তি দিয়া হৈছে। যাতে এন আৰ চিৰ পৰা বাদ পৰা সকলৰ ওজৰ-আপত্তি সঠিকভাবে নিষ্পত্তি কৰিব পৰা যায়। কিন্তু এতিয়ালৈকে এইসকল সদস্যৰ নিযুক্তি নিয়মীয়া হোৱা নাই"।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com