চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাৰ এছ অ' পি মুকলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ

আভ্যন্তীৰণ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মধ্যৱৰ্তী ছাত্ৰ-ছাত্ৰীসকলক পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ কৰা হ’ব।
চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাৰ এছ অ' পি মুকলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ
Published on

ক'ৰ'না মহামাৰীৰ বিভীষিকা অন্ত নৌপৰওঁতেই গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাসমূহৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ(এছ অ' পি) প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা এই এছ অ' পি অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিতব্য পৰীক্ষাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

এই সংক্ৰান্তত জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে আভ্যন্তীৰণ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মধ্যৱৰ্তী ছাত্ৰ-ছাত্ৰীসকলক পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ কৰা হ'ব। ইয়াৰ বিপৰীতে চূড়ান্ত ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এক ৫০-৫০ সূত্ৰত তেওঁলোকক উত্তীৰ্ণ কৰোৱা হ'ব।

এই ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)-এ প্ৰকাশ কৰিবলগীয়া নিয়মাৱলী মানি চলা হব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com