চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱকক মোকলাই অনাৰ দাবী সাংসদ গৌৰৱৰ

উল্লেখ্য যে এই পাঁচজন অৰুণাচলী যুৱক চীনা সেনাৰ দ্বাৰা অপহৃত হোৱাৰ তথ্য প্ৰথমে পোহৰলৈ আনে ৰাজনীতিক নিনিং এৰিঙে ৷
চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱকক মোকলাই অনাৰ দাবী সাংসদ গৌৰৱৰ

অলপতে চীনা সেনাই অপহৰণ কৰি নিয়া পাঁচজন অৰুণাচলী যুৱকক মোকলাই অনাৰ দাবী উত্থাপন কৰি সৱৰ হৈ উঠিছে অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৷ উল্লেখ্য যে এই পাঁচজন অৰুণাচলী যুৱক চীনা সেনাৰ দ্বাৰা অপহৃত হোৱাৰ তথ্য প্ৰথমে পোহৰলৈ আনে ৰাজ্যখনৰ ৰাজনীতিক নিনিং এৰিঙে ৷

ইয়াৰ পাছতে বিষয়টোৱে দেশজুৰি আলোড়নৰ সৃষ্টি কৰে ৷ লাডাখ সীমান্তত উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে সংঘটিত এই ঘটনাক কোনেও সহজভাবে ল'ব পৰা নাই ৷ এনে অৱস্থাতে অপহৃত যুৱককেইজনক অক্ষত অৱস্থাত উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সাংসদ গৌৰৱে ৷ এই দাবী জনাই তেওঁ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনত তেওঁ লিখিছে, " এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিবলগীয়া হ'ল ৷ 

চিকাৰ কৰিবলৈ যোৱা অৱস্থাত অৰুণাচল প্ৰদেশৰ পাঁচজন যুৱক অপহৃত হৈছে ৷ যুৱককেইজনক চীনৰ পিপ'লছ লিবাৰেচন আৰ্মীয়ে অপহৰণ কৰা বুলি তেওঁলোকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে ৷ মই যুৱককেইজনক সোঁশৰীৰেৰে উভতাই অনাৰ পদক্ষেপ ল'বলৈ দাবী জনাইছো"৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com