কাৰাৰুদ্ধ পুত্ৰৰ মঙ্গলাৰ্থে উপবাস ৰাখিছে গৌৰী খানে

আৰয়ানক মুকলি কৰাৰ প্ৰচেষ্টাত বৰ্তমান নামি পৰিছে খ্যাত উকীল অমিত দেশাই।
কাৰাৰুদ্ধ পুত্ৰৰ মঙ্গলাৰ্থে উপবাস ৰাখিছে গৌৰী খানে

ড্ৰাগছ সম্বন্ধীয় গোচৰৰ ভিত্তিত অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ানক এন. চি. বিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা শংকাত দিন কটাইছে তেওঁৰ পিতৃ-মাতৃ শ্বাহৰুখ খান আৰু মাতৃ গৌৰী খানে। জানিবলৈ পোৱা মতে, পুত্ৰৰ মঙ্গলাৰ্থে উপবাস ৰাখিবলৈ লৈছে গৌৰী খানে। নৱৰাত্ৰিৰ সম্পূৰ্ণ দিনকেইটা তেওঁ পাৰ কৰিলে ভগবানৰ ওচৰত মঙ্গল প্ৰাৰ্থনা কৰি আৰু যোৱা ৭ অক্টোবৰৰ পৰা ৰখা উপবাস অনুসৰি মিঠাই খুৱাও ত্যাগ কৰিছে তেওঁ।

কাৰাগাৰত বন্দী আৰয়ানৰ সমৰ্থনত সম্প্ৰতি  বলিউডৰ তাৰকা তথা,অনুৰাগী সকলে ইণ্টাৰনেটতে থিয় দিছে। আনহাতে, আৰয়ানক মুকলি কৰাৰ প্ৰচেষ্টাত বৰ্তমান নামি পৰিছে খ্যাত উকীল অমিত দেশাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com