বিবাহত বাধাঃ আত্মহননৰ পথ বাছি ল'লে এহাল সমকামী যুৱকে

অৱশেষত দুয়োজনে ৰেলৰ আগত জঁপিয়াই নিজকে শেষ কৰি দিয়ে। পাছত আৰক্ষীয়ে যুৱকদ্বয়ৰ ছুইচাইড নোট উদ্ধাৰ কৰে।
বিবাহত বাধাঃ আত্মহননৰ পথ বাছি ল'লে এহাল সমকামী যুৱকে

বিবাহত পৰিয়াল আৰু সমাজৰ বাধা পাই আত্মহননৰ লেখীয়া চৰম পথ বাচি ল'লে এহাল সমকামী যুৱকে। প্ৰাপ্ত তথ্য অনুসৰি বৰপেটাৰ পাঠশালাৰ যুৱক ব্ৰজেন ঠাকুৰীয়াৰ সৈতে বাগসাৰ অংকুৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। দুযো সমকামী আছিল। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু দুয়োজন যুৱকৰ এই সম্পৰ্ক মানি লোৱা নাছিল দুয়োখন ঘৰে। ফলত দুয়োজন যুৱকে চৰম মানসিক অশান্তিত দিন পাৰ কৰিছিল।  কিন্তু দুয়োজন যুৱকৰ এই সম্পৰ্ক মানি লোৱা নাছিল তেওঁলোকৰ পৰিয়ালে।ইয়াকে লৈ দুয়োজন যুৱকে চৰম মানসিক অশান্তিত দিন পাৰ কৰিছিল।

অৱশেষত দুয়োজনে ৰেলৰ আগত জঁপিয়াই নিজকে শেষ কৰি দিয়ে। পাছত আৰক্ষীয়ে যুৱকদ্বয়ৰ ছুইচাইড নোট উদ্ধাৰ কৰে। ছুইচাইড নোটৰ প্ৰত্যেক শাৰী বাক্যত ব্ৰজেনে বাৰে বাৰে মুনু বুলি সম্বোধন কৰিছিল অংকুৰক। আনকি যি তেওঁলোকৰ সম্পৰ্কত হেঙাৰ হৈছিল তেওঁলোকৰ উচিত শাস্তিও পোষকতা কৰে অংকুৰে।১৫ দিনৰ পূৰ্বে অংকুৰৰ মাকৰ মৃত্যু হয়। পৰিয়ালৰ লোকে মাকৰ মৃত্যুৰ কাৰণো তেওঁলোকৰ এই সম্পৰ্ক বুলিয়েই কৈছিল সকলোৱে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com