শ্ৰদ্ধা-পূবালী-কৃষ্ণাঃ উচ্চতৰ মাধ্যমিকৰ কলা-বাণিজ্যৰ শীৰ্ষত ছাত্ৰী

কলা আৰু বাণিজ্য শাখাৰ পৰীক্ষাত প্ৰথম ১০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ স্থান দুটা দখল কৰে তিনিগৰাকী ছাত্ৰীয়ে
শ্ৰদ্ধা-পূবালী-কৃষ্ণাঃ উচ্চতৰ মাধ্যমিকৰ কলা-বাণিজ্যৰ শীৰ্ষত ছাত্ৰী
Published on

এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা আৰু বাণিজ্য শাখাৰ পৰীক্ষাত প্ৰথম ১০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ স্থান দুটা দখল কৰে তিনিগৰাকী ছাত্ৰীয়ে। ঘোষিত ফলাফল অনুসৰি কলা শাখাত যুটীয়াভাবে প্ৰথম স্থান দখল কৰে দৰঙৰ পাথৰিঘাট এইচ এছ স্কুলৰ পূবালী ডেকা আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁইয়ে ৷ দুয়োৱে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮১নম্বৰ লাভ কৰে ৷ আনহাতে, বাণিজ্য শাখাত সৰ্বোচ্চ স্থান দখল কৰে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ কৃষ্ণা মহেশ্বৰীয়ে ৷ তেওঁ লাভ কৰে ৪৭২ নম্বৰ (মুঠ নম্বৰঃ ৫০০)৷ অৱশ্যে বিজ্ঞান শাখাৰ সৰ্বোচ্চ স্থান দখল কৰে এজন ছাত্ৰই ৷ তেওঁ হ'ল আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতা ৷ তেওঁ মুঠ ৪৮৬ নম্বৰ লাভ কৰে (৫০০ৰ ভিতৰত) ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com