চিকিৎসাজনিত আৱৰ্জনা ব্যৱস্থাপনাত গাফিলতিঃ গুৱাহাটীত দন্ত ক্লিনিকক ৫০হেজাৰ জৰিমনা

এই গোটে ফৰেষ্টগে'টস্থিত এখন প্ৰতিষ্ঠান(ক্লিনিক)-ক ৫০হেজাৰ টকাৰ জৰিমনাৰ শাস্তি বিহিছে
চিকিৎসাজনিত আৱৰ্জনা ব্যৱস্থাপনাত গাফিলতিঃ গুৱাহাটীত দন্ত ক্লিনিকক ৫০হেজাৰ  জৰিমনা
Published on

চিকিৎসাজনিত আৱৰ্জনা ব্যৱস্থাপনাত গাফিলতিঃ দন্ত ক্লিনিকক ৫০হেজাৰ টকাৰ জৰিমনা

ক'ৰ'না মহামাৰীয়ে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰাৰ পাছতো স্বয়ং একাংশ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানে চিকিৎসাজনিত আৱৰ্জনা বা পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে চিকিৎসালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে এটা গোট গঠন কৰিছে ৷ এই গোটে নীতি-নিয়ম উলংঘাকাৰী চিকিৎসালয় বা তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা কৰিব ৷ এই গোটে ফৰেষ্টগে'টস্থিত এখন প্ৰতিষ্ঠান(ক্লিনিক)-ক ৫০হেজাৰ টকাৰ জৰিমনাৰ শাস্তি বিহিছে ৷

পৌৰ নিগমে প্ৰকাশ কৰা অনুসৰি এই ক্লিনিকে প্ৰচলিত নীতি-নিয়ম উলংঘা কৰি চিকিৎসাজনিত আৱৰ্জনা সাধাৰণ জাবৰ-জোঁথৰৰ দৰে নিষ্কাষণ কৰি আহিছে ৷ এনেদৰে ক্লিনিকখনে চাৰিওকাষৰ মানুহৰ জীৱন বিপদাপন্ন কৰি তুলিছে ৷ কাৰণ ক'ৰ'নাৰ দৰে অতি সংক্ৰামক ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটিছে অসমত ৷ তদুপৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ অবিহনেই এই দন্ত চিকিৎসা প্ৰতিষ্ঠানে ৰোগীক সেৱা আগবঢ়াই আহিছে বুলিও পৌৰ নিগমে প্ৰকাশ কৰিছে ৷ একেদৰে প্ৰচলিত নীতি-নিয়ম উলংঘাৰ অভিযোগত পৌৰ নিগমে মিডলেণ্ড হাস্পতাল আৰু ই জি নাৰ্ছিংহোমক ১০হেজাৰ টকাকৈ জৰিমনা বিহিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com