নতুন ৰোগীৰ বাবে জি এম চি এইচ বন্ধঃ চিকিৎসকৰ শৰীৰত ক'ৰ'না ভাইৰাছ উদ্ধাৰ

এজন চিকিৎসক(স্নাতকোত্তৰ মহলাৰ ছাত্ৰ)ৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰে
নতুন ৰোগীৰ বাবে জি এম চি এইচ বন্ধঃ চিকিৎসকৰ শৰীৰত ক'ৰ'না ভাইৰাছ উদ্ধাৰ
Published on

নতুন ৰোগীৰ বাবে সাময়িকভাবে বন্ধ হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(জি এম চি এইচ)৷ যোৱা নিশা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ এজন চিকিৎসক(স্নাতকোত্তৰ মহলাৰ ছাত্ৰ)ৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰে ৷ তাৰ পাছতে স্বাস্থ্য বিভাগে সাময়িকভাবে নতুন ৰোগীৰ বাবে জি এম চি এইচ বন্ধ ৰখাৰ কথা ঘোষণা কৰে ৷ শুকুৰবাৰে পুৱা টুইটাৰত এই কথা ঘোষণা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জি এম চি এইচৰ চিকিৎসক ছাত্ৰজনৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত জি এম চি এইচ সাময়িকভাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অৱশ্যে ইতিমধ্যে ভৰ্তি হৈ থকা ৰোগীৰ চিকিৎসা চলি থাকিব ৷ একেদৰে ৰোগীৰ নমুনা পৰীক্ষাও চলি থাকিব৷ আনহাতে, কালিৰ দিনটোত ৰাজ্যত নতুন আঠজন ৰোগী ধৰা পৰে। ফলত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি পাইছে। ইয়াক লৈ পৰিস্থিতি জটিল হৈ পৰিছে। আজি সন্ধিয়া পাঁচ বজাত পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ আয়োজন কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com